ETV Bharat / state

পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী - এটা পৰিয়ালৰ তিনি প্ৰাৰ্থীৰ পৰ্বতসম সম্পত্তি

বৰাকৰ ৰজা খ্যাত গৌতম ৰয়ৰ সম্পত্তি দহ কোটি টকাৰ বিপৰীতে পুত্ৰ ৰাহুল ৰয়ৰ ১৩১ কোটি টকা আৰু বোৱাৰী ডেইজী ৰয়ৰ ১৩২ কোটি টকাৰ সম্পত্তি ।

পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

author img

By

Published : Mar 30, 2021, 1:53 PM IST

গুৱাহাটী,৩০ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা এটা পৰিয়াল বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । পৰিয়ালটোৰ তিনিগৰাকী সদস্যই এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । লক্ষণীয় বিষয় যে, পৰিয়ালটোৰ তিনিগৰাকী সদস্য পৰ্বতসম সম্পত্তিৰ গৰাকী । বিশাল সম্পত্তিৰ গৰাকী এই পৰিয়ালটো হৈছে বৰাকৰ প্ৰভাৱশালী নেতা গৌতম ৰয়ৰ পৰিয়াল ।

এইবাৰৰ নিৰ্বাচনত গৌতম ৰয়ৰ উপৰিও পুত্ৰ ৰাহুল ৰয় আৰু বোৱাৰী ডেইজী ৰয় নিৰ্বাচনী প্ৰাৰ্থীৰূপে অবতীৰ্ণ হৈছে । নিসন্দেহে ৰাজ্যৰ ৰাজনীতিত ব্যতিক্ৰমী পৰিয়াল হিচাপে চিহ্নিত হৈছে ৰয় পৰিয়াল । পৰিয়ালটোৰ সদস্য কেইগৰাকীৰ সম্পত্তিৰ পৰিমাণ ২৭০ কোটি টকাৰো অধিক । পৰিয়ালটোৰ মুৰব্বী অৰ্থাৎ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী গৌতম ৰয়ৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ কোটি টকা । ইয়াৰ বিপৰীতে পুত্ৰ ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ বহুগুণে বেছি । ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩১ কোটি টকা ।

লক্ষণীয় বিষয় এই যে, পৰিয়ালটোৰ বোৱাৰীৰ সম্পত্তিৰ পৰিমাণ সবাতোকৈ বেছি । বোৱাৰী ডেইজী ৰয়ৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩২ কোটি টকা । বৰাকৰ ৰজা বুলি দাবী কৰি অহা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা ন-বিজেপি গৌতম ৰয়ৰ পৰিয়ালৰ পৰ্বতসম সম্পত্তিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

এইবাৰ নিৰ্বাচনত গৌতম ৰয়ে বিজেপিৰ পৰা টিকট লাভ কৰি কাটিগড়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু পুত্ৰ ৰাহুল ৰয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উদাৰবন্দ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । আনহাতে, ডেইজী ৰয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আলগাপুৰ সমষ্টিৰ পৰা নিৰ্বাচনী ৰণত নামিছে । নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি বিজেপি প্ৰাৰ্থী গৌতম ৰয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০.৮৭ কোটি টকা । ইয়াৰে স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.৮০ কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.০৬ কোটি টকা ।

ইফালে পিতৃৰ সমান্তৰালভাৱে পুত্ৰ আৰু বোৱাৰীয়ে বিজেপিৰ পৰা টিকট বিচাৰিছিল ৷ কিন্তু দলে টিকট প্ৰদান নকৰাত ৰাহুল ৰয় আৰু ডেইজী ৰয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে ।

উল্লেখ্য যে, উদাৰবন্দ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ শপতনামাত উল্লেখ কৰা মতে ১৩১ কোটি টকা । আনহাতে, আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডেইজী ৰয়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩১.১৪ কোটি টকা । অগপ প্ৰাৰ্থী আফটাব উদ্দিন লস্কৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডেইজী ৰয়ে অৱশ্যে হাতত জমা থকা ১.৬৫ লাখ টকা লৈ নিৰ্বাচনত নমাৰ বিপৰীতে ৰাহুল ৰয়ে নগদ ৫ লাখ টকা লৈ নিৰ্বাচনী যুঁজত নমাৰ কথা শপতনামাত উল্লেখ কৰিছে । আনহাতে, স্বামী-স্ত্ৰী দুয়োজনৰে আছে ১৭ টাকৈ বেংক একাউণ্ট । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰাকৰ এই কোটিপতি পৰিয়ালটো বিশেষভাৱে চৰ্চালৈ আহিছে ।

লগতে পঢ়ক: পুনৰ শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.