ETV Bharat / state

INDIA opposition: ‘ইণ্ডিয়া’ত চামিল‌ হ'ব অসমৰ তিনিটা আঞ্চলিক দল - ৰাজীৱ ভৱন

ৰাষ্ট্ৰীয় বিৰোধী ঐক্যমঞ্চ 'INDIA'ত চামিল হ’ব অসমৰ 3 টা বিৰোধী ৰাজনৈতিক দল ৷ বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহে ৷

INDIA opposition
INDIA opposition
author img

By

Published : Aug 3, 2023, 6:29 PM IST

‘ইণ্ডিয়া’ত চামিল‌ হ'ব অসমৰ তিনিটা আঞ্চলিক দল

গুৱাহাটী, 3 আগষ্ট: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো ৰাজনৈতিক দল ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ লগতে অসমতো বিৰোধী ৰাজনৈতিক দলসমূহ বিজেপিক প্ৰতিহত কৰাৰ বাবে একত্ৰিত হৈছে ৷

ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা অসমৰ 12 টা ৰাজনৈতিক দলৰ সম্মিলিত বিৰোধী ঐক্য মঞ্চৰ নাম সলনি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ইয়াৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী দলসমূহে বিজেপি দলক প্ৰতিহিত কৰাৰ বাবে গঠন কৰা ' INDIA' ত অসমৰ তিনিটা ৰাজনৈতিক দলক অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহে সংবাদমেল সম্বোধন কৰে ।

তেওঁ কয় যে অসমৰ 12 টা ৰাজনৈতিক দলৰ সম্মিলিত মঞ্চ বিৰোধী ঐক্য মঞ্চৰ নাম এতিয়াৰে পৰা ‘ইণ্ডিয়া অসম শাখা’ হিচাপে নামাকৰণ কৰা হৈছে ৷ তেওঁ কয় যে অসমৰ 12 টা ৰাজনৈতিক দলৰ সম্মিলিত মঞ্চ বিৰোধী ঐক্য মঞ্চৰ 9 টা ৰাজনৈতিক দল ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী দলসমূহৰ সমূহীয়া মঞ্চ ‘INDIA’ ত অংশীদাৰ হৈ আছে ৷ মাত্ৰ অসমৰ তিনিটা ৰাজনৈতিক দলক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷

সেই দলকেইটা হ’ল অখিল গগৈৰ ৰাইজৰ দল, লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু অজিত কুমাৰ ভূঞাৰ জাতীয় দল,অসম ৷ ‘ইণ্ডিয়া’ত অসমৰ এই তিনিটা বিৰোধী ৰাজনৈতিক দলক অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত ইতিবাচকভাবে কাম আগবাঢ়ি আছে ৷

তেওঁ লগতে কয় যে অহা 15 আগষ্টৰ পূৰ্বে 2024 চনৰ লোকসভা নিৰ্বাচনক লৈ আলোচনা কৰাৰ বাবে দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত অখিল গগৈৰ ৰাইজৰ দল, লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু অজিত কুমাৰ ভূঞাৰ জাতীয় দল,অসমৰ লগত আলোচনাত মিলিত হ’ব । এই আলোচনাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন ‌বৰা উপস্থিত থাকিব ।

ভৰত চন্দ্ৰ নৰহে জনায় যে পৰৱৰ্তী সময়ত‌ অসমৰ 12 টা বিৰোধী ৰাজনৈতিক দলৰ সম্মিলিত মঞ্চই 2024 চনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সাধাৰণ নূন্যতম কৰ্মসূচী প্ৰস্তুত কৰিব । লগতে আসনৰ বুজাবুজি কৰিব । সংবাদমেলত কংগ্ৰেছৰ নেতা মেহদী আলম বৰা উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Tea Worker: চাহ শ্রমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা আদায় দিয়াৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ চি পি আই এম এলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.