ETV Bharat / state

Swayam Nat Samaroh: শংকৰদেৱৰ কলাক্ষেত্রত তিনিদিনীয়াকৈ আয়োজন স্বয়ম নাট সমাৰোহ - শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ

শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব নাট সমাৰোহ আৰু আলোচনা চক্ৰ। অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব স্বয়ম নাট সমাৰোহ ।

Three day Swayam Nat Samaroh will be held from 8th Sep to10th Sep at Srimanta Sankaradeva Kalakshetra
স্বয়ম নাট সমাৰোহ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:58 AM IST

স্বয়ম নাট সমাৰোহ

গুৱাহাটী, 5 ছেপ্টেম্বৰ: জিৰচং থিয়েটাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত তিনিদিনীয়া স্বয়ম নাট সমাৰোহৰ আয়োজন । শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই নাট সমাৰোহ । প্ৰতিদিনে একোখনকৈ নাট অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ নাটকৰ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ।

স্বয়ম নাট সমাৰোহ পৰিৱেশন কৰা হ’ব তিনিগৰাকী নাট্যকাৰাৰ তিনিখন নাটকেৰে । নাটক তিনিখন ক্ৰমে নাট্যকাৰ অৰুণ শৰ্মাদেৱ নাটক ‘আহাৰ’, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নামৰ গল্পটো আধাৰত লিখা নাট ‘ইতি মৃণালীনি’ আৰু ‘এন্তিগনে মেনিয়া’। গ্ৰীক নাটক অন্তিগনিৰ এটা সংলাপ । সম্পূৰ্ণ অসমৰ পেক্ষাপটত নাটকখন অনুসৃষ্টি কৰা হৈছে।

মূলতঃ তিনিওখন নাটকৰ মূল বিষয়বস্তু হৈছে নাৰী । মহিলা চৰিত্ৰক কেন্দ্ৰ কৰি লিখা হৈছে নাটক তিনিখন । নাটক তিনিখন পৰিচালনা কৰিছে ৰবিজিতা গগৈয়ে । উল্লেখ্য যে, জিৰচং থিয়েটাৰৰ এইবাৰ ভৰি দিলে ২৮ বৰ্ষত । আনহাতে জিৰচং থিয়েটাৰৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে স্বয়ম মহিলা পৰিচালক নাট্য মহোৎসৱ আৰু আলোচনা চক্ৰ।

এই বৰ্ষৰ স্বয়ম নাট সমাৰোহৰ আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে তিনিটা ৷ প্ৰথমটো হৈছে সমসাময়িক সময়ত যিসকল নবীন নাট্যকাৰ আৰু নাটকৰ পৰিচালক ওলাই আহিছে তেওঁলোকৰ বিষয়, দ্বিতীয়টো হৈছে নাটক, নাটকৰ উপস্থাপনা আৰু নাটকৰ লগত দৰ্শকৰ কি সম্পৰ্ক, আনহাতে তৃতীয়টো বিষয়বস্তু হৈছে যিসকল মহিলা পৰিচালিকা এই ক্ষেত্ৰত কাম কৰিব ওলাই আহিছে তেওঁলোকে নাটক পৰিচালনা কৰিবলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হয়, সেয়া আলোচনা চক্ৰত আলোচনা কৰা হ’ব ।

প্ৰতিদিনে আবেলি ৪ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত হ’ব নাটকৰ আলোচনা চক্ৰ আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা প্ৰতিদিনে একোখন নাটক মঞ্চস্থ কৰা হ’ব । এই নাট সমাৰোহক লৈ এতিয়া জিৰচং থিয়েটাৰৰ আখৰা গৃহত পূৰ্ণ উদ্যোমত চলিছে প্ৰস্তুতি । আখৰাত ব্যস্ত কলা-কুশলীসকল ।

লগতে পঢ়ক: Bhabesh Baruah: অভিনেতা ভৱেশ বৰুৱাই লাভ কৰিলে ভৱেন বৰুৱা বঁটা ২০২৩

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.