ETV Bharat / state

হৰিণা বধ কৰি বন বিভাগৰ জালত ৩ শ্ৰমিক

author img

By

Published : Apr 20, 2022, 4:39 PM IST

হৰিণাৰ মাংসলৈ লোভ কৰি বন বিভাগৰ জালত পৰিল তিনিজন শ্ৰমিক (Three arrested for killing deer in Guwahati) ৷ ঘটনা সন্দৰ্ভত নাৰেংগী খণ্ড বন বিভাগে অব্যাহত ৰাখিছে তদন্ত ৷

workers-arrested-to-killing-deer-in-guwahati
হৰিণা বধ কৰি বন বিভাগৰ জালত ৩ শ্ৰমিক

গুৱাহাটী, 20 এপ্ৰিল : অসমীয়াত এষাৰ কথা আছে লোভেই পাপ, পাপেই মৃত্যু । সেই কথাই যেন প্ৰমাণিত কৰি হৰিণাৰ মাংসৰ লোভত পৰি বন বিভাগৰ জালত তিনিজন শ্ৰমিক (Three arrested for killing deer in Guwahati)। মহানগৰীৰ মঠঘৰীয়া অঞ্চলত সংঘটিত হয় এই ঘটনা । বুধবাৰে পুৱা 6 বজাত মঠঘৰীয়াৰ নিৰ্মীয়মান এটা অট্টালিকাত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হৰিণা বধ কৰি বন বিভাগৰ জালত পৰা শ্ৰমিক কেইটা হৈছে মহম্মদ চাহিল, আৰমান প্ৰামাণিক আৰু শ্যাম চন্দ্ৰ ৰায় ।

হৰিণা বধ কৰি বন বিভাগৰ জালত ৩ শ্ৰমিক

জানিব পৰা মতে, ধৃত লোক কেইজনে মঠঘৰীয়া অঞ্চলত বিচৰণ কৰি থকা এটা হৰিণা বধ কৰি মাংস বিক্ৰীৰ বাবে সাজু কৰিছিল । ইয়াৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত বন বিভাগে কৰায়ত্ত কৰে লোক কেইজনক । ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত আন 6 জন শ্ৰমিকক সোধ পোচৰ বাবে আটক কৰিছে বন বিভাগে । ইপিনে বন বিভাগে ধৃত শ্ৰমিক কেইজনৰ কৱলৰ পৰা মৃত হৰিণাটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, নুনমাটি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপত থকা এটা নিৰ্মীয়মান অট্টালিকাত দীৰ্ঘদিন ধৰি শ্ৰমিক হিচাপে কৰ্মৰত আছিল শ্ৰমিক কেইজন । সম্প্ৰতি ঘটনা সন্দৰ্ভত নাৰেংগী খণ্ড বন বিভাগৰ কাৰ্যালয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.