ETV Bharat / state

ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টীকাকৰণ - three and a half lakh people vaccinated on the first day of vaccination

ক'ভিড আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশলৈ হ্ৰাস ৷ টীকাকৰণ অভিযানক সফল কৰি তোলাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ।

ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টিকাকৰণ

author img

By

Published : Jun 22, 2021, 2:29 PM IST

গুৱাহাটী,২২ জুনঃ প্ৰথম দিনাই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল অসম চৰকাৰ। সোমবাৰৰ পৰা আৰম্ভ হোৱা ক'ভিডৰ বিশাল টীকাকৰণ কাৰ্যসূচীৰ যোগেদি এটা দিনতে ৰাজ্যখনৰ ৩,৫৪,৬১০ গৰাকী লোকক টীকাকৰণ কৰা হয় । লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল তিনি লাখ লোকক টীকাকৰণ কৰাৰ আৰু প্ৰথম দিনাই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ'ল ৰাজ্য চৰকাৰ । ৰাজ্যত নিশালৈ ক'ভিড প্ৰতিষেধক অভিযানলৈ ৰাইজে ব্যাপক সঁহাৰি জনায় ৷

ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টিকাকৰণ
ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টিকাকৰণ

ৰাজ্যজুৰি ২,৩৯৫ টা কেন্দ্ৰৰ যোগেদি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । এতিয়ালৈকে ৰাজ্যৰ ৫৭,০৮,৩৭৯ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, অসমক ক'ভিডমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা আৰম্ভ কৰা ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানলৈ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে । এই অভিযানৰ প্ৰথম দিনাই এনে ব্যাপক সঁহাৰিৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়- "১৮ বছৰৰ উৰ্ধৰ সকলোকে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰি অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণ আৰু তদাৰকত ৰাজ্য চৰকাৰে ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান আৰম্ভ কৰিছে । অসমক ক'ভিডমুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰত্যেক জিলা প্ৰশাসনৰ সহযোগত দৈনিক ৩ লাখ গৰাকীকৈ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে এই মহা অভিযান আৰম্ভ কৰি প্ৰথম দিনাই নিৰ্ধাৰিত লক্ষ্য সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।"

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ব্যাপক হাৰত প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজ আগবাঢ়ি অহা কাৰ্যই অসমক ক'ভিডমুক্ত কৰাৰ দিশত অসমবাসীৰ সংকল্পবদ্ধতাকে প্ৰতীয়মান কৰিছে। পৰৱৰ্তী দিনসমূহতো ৰাইজৰ এনে সঁহাৰিয়ে অতি সোনকালেই আমাক ঈপ্সিৎ লক্ষ্যত উপনীত কৰাত সহায় কৰিব। ৰাজ্যবাসীক ক'ভিড প্ৰতিষেধক অভিযানলৈ এই আশাপ্ৰদ সহযোগিতাৰ বাবে আমি ধন্যবাদ জনাইছো ।"

তেওঁ লগতে এইবুলিও কয় যে, "এই অভিযানত জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী, আশাকৰ্মী, আৰক্ষী, স্বেচ্ছাসেৱক, শিক্ষককে ধৰি সকলোলৈকে অভিনন্দন জনোৱাৰ লগতে এই ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানৰ প্ৰথমটো দিন সফল কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে সকলোৰে শলাগ লৈছো ৷ ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানৰ পৰৱৰ্তী প্ৰতিটো দিন সাফল্যমণ্ডিত কৰি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ ৰাইজৰ প্ৰতি পুনৰবাৰ আহ্বান জনাইছো ।"

ইফালে বিগত ২৪ ঘণ্টাত ১,৭০,৮৫৬ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ২,৮০৫ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে। এই হিচাপত আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশ । ভাল খবৰ যে, ক'ভিড আক্ৰান্তৰ হাৰ ২ শতাংশৰ তললৈ নামি আহিছে । বিগত কেইবাদিন ধৰি আক্ৰান্তৰ হাৰ ২ ৰ পৰা ৩ শতাংশৰ ভিতৰত উঠা-নমা কৰি আছিল ।

আনহাতে এই সময়চোৱাত ক'ভিডত মৃত্যু হৈছে ৩৫ গৰাকী ৰোগীৰ । সেইদৰে সুস্থ হৈছে ৩,৬৯৯ গৰাকী লোক । ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯২.৪০ শতাংশ । উল্লেখ্য যে, ৰাজ্যজুৰি আৰম্ভ হোৱা বিশাল টিকাকৰণ অভিযানক সফল কৰি তোলাৰ বাবে মন্ত্রী-বিধায়কসকলেও বিভিন্ন কেন্দ্ৰলৈ গৈ অভিযানৰ বুজ লয় ।

লগতে পঢ়কঃ ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.