ETV Bharat / state

Assam Teacher Transfer Portal : বদলিৰ বাবে প'ৰ্টেলত আবেদন কৰি এবছৰে কোনো ফলাফল পোৱা নাই ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকে - পূজাৰ বন্ধ

দূৰ-দূৰণিত ১০ বছৰৰ অধিককাল শিক্ষকতা কৰি থকাসকলক আন্তঃজিলা বদলিৰ বাবে দিয়া হৈছিল অনলাইন আৱেদন সুযোগ। শিক্ষা বিভাগে দিয়া সুযোগ গ্ৰহণ কৰি আৱেদন কৰিছিল ১৮৮২১ গৰাকী শিক্ষকে। মাত্র ১৬৪২ গৰাকী শিক্ষকক একক বদলি কৰা হয়। আৱেদন জনোৱা ১৭,১৭৯ গৰাকী শিক্ষক এবছৰ ধৰি বদলিৰ আশাত বন্দী।

Assam Teacher Transfer Portal
হতাশাত সহস্ৰাধিক শিক্ষক
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:45 PM IST

গুৱাহাটী, 29 ছেপ্টেম্বৰ : ৰাজ্যৰ শিক্ষকসকলৰ বদলীকৰণ, সালসলনি, পেন্সন, গুণোৎসৱ আদি ব্যৱস্থা অধিক সুচল কৰাৰ বাবে শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষকক নিজ নিজ তথ্য দাখিলৰ বাবে আবেদন জনাইছিল ৷ এই উদ্দেশ্যে মুকলি কৰিছিল দুটাকৈ অনলাইন প'ৰ্টেল ৷ মুখ্যতঃ নিযুক্তি আৰু বদলি নিয়ামক আইন-2020ৰ ভিত্তিত শিক্ষক বদলি প্ৰক্ৰিয়া অনলাইন কৰাৰ লক্ষ্যৰে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে শিক্ষা বিভাগৰ আহ্বান অনুসৰি অনলাইন পদ্ধতিৰে আন্তঃজিলা বদলিৰ আৱেদন জনোৱা 17 সহস্ৰাধিক শিক্ষকে এতিয়া হতাশাত ভুগিবলগীয়া হৈছে ৷

আনহাতে শেহতীয়াকৈ পূজাৰ বন্ধ বা আন বন্ধৰ সময়ছোৱাত একক বদলিৰ আন এটা পৰ্যায় কাৰ্যকৰী কৰা হ’ব বুলি বিদ্যালয় শিক্ষা বিভাগে এখন জাননী প্ৰকাশ কৰিছে যদিও বদলি বিচৰা শিক্ষকসকল আশ্বস্ত হ’ব পৰা নাই ৷ অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক (নিযুক্তি আৰু বদলি) নিয়ন্ত্ৰণ আইনৰ অধীনত নিজ পৰিয়ালৰ পৰা দূৰ-দূৰণিত 10 বছৰৰ অধিককাল শিক্ষকতা কৰি থকাসকলক আন্তঃজিলা বদলিৰ বাবে অনলাইন আৱেদন জনোৱাৰ সুযোগ দিয়া হৈছিল ৷ শিক্ষা বিভাগে দিয়া এই সুযোগ গ্ৰহণ কৰি 18,821 গৰাকী শিক্ষকে আৱেদন জনাইছিল ৷ ইয়াৰ পাছত শিক্ষা বিভাগে গৰমৰ বন্ধৰ পাছত একক বদলি প্ৰক্ৰিয়া আৰম্ভ কৰি মাত্ৰ 1,642 গৰাকী শিক্ষকক একক বদলি কৰে ৷ ফলত আৱেদন জনোৱা 17,179 গৰাকী শিক্ষকৰ প্ৰায় এক বছৰ ধৰি বদলিৰ প্ৰক্ৰিয়া আগবঢ়া নাই ৷

আশাত বন্দী এইসকল শিক্ষকে এতিয়া হতাশাত ভুগিবলগীয়া হৈছে ৷ লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে পিতৃ-মাতৃ তথা শহুৰ-শাহুৰৰ লগত থাকি সময় কটোৱা বা সেৱা আগবঢ়াবলৈ তিনি দিন নৈমিত্তিক ছুটী দিয়াৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সেই একেখন চৰকাৰে নিযুক্তিৰ কঠোৰ নীতিৰ দোহাই দি দূৰ-দূৰণিত টেট উত্তীৰ্ণ শিক্ষকক চাকৰি কৰিবলৈ বাধ্য কৰিছে ৷ দহটা বছৰ কাল আঁতৰত থাকি কাম কৰি থকা এই শিক্ষকসকলে ঘৰত বিভিন্ন সমস্যাৰ মাজত থকা পিতৃ-মাতৃৰ লগত থাকি শিক্ষকতা কৰিবলৈ চৰকাৰে বান্ধি দিয়া নীতি অনুসৰিয়েই বদলি বিচাৰি আৱেদন জনাইছিল ৷ কিন্তু এই আৱেদনসমূহ এবছৰো অধিককাল প'ৰ্টেলতে পৰি আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এইসকল শিক্ষক ক্ষোভিত হৈ পৰিছে ৷

ইফালে শিক্ষকসকলৰ মনত পুঞ্জীভূত হোৱা ক্ষোভৰ উমান পাই শিক্ষা বিভাগে 18 ছেপ্টেম্বৰত বদলি সন্দৰ্ভত এখন জাননী প্ৰকাশ কৰি বিভাগৰ স্থিতি স্পষ্ট কৰিছে ৷ কিন্তু ইতিপূৰ্বে হোৱা একক বদলি প্ৰক্ৰিয়াত অতি সামান্য সংখ্যক শিক্ষককহে সামৰি লোৱাত বৰ্ত্তমানেও হতাশাত ভুগিছে বদলি বিচাৰি আৱেদন জনোৱা শিক্ষকসকল ৷ উল্লেখ্য যে শিক্ষকসকলক বুজাবুজিৰে বদলিৰো সুযোগ দিয়া হৈছিল ৷ বুজাবুজিৰ বদলি বিচাৰি 9,887 গৰাকী শিক্ষকে আৱেদন জনাইছিল ৷ ইয়াৰে 8,188 গৰাকী শিক্ষকৰ বুজাবুজিৰ বদলি হ’ল বুলি বিদ্যালয় শিক্ষা বিভাগে প্ৰকাশ কৰা জাননীত উল্লেখ কৰিছে ৷ আৱেদন জনোৱাৰ ভিতৰত 1,699 গৰাকী শিক্ষকৰ বুজাবুজিৰ বদলি বাকী আছে বুলি শিক্ষা বিভাগে জাননীখনত উল্লেখ কৰিছে ৷ বিভাগীয় লেহেমীয়া তথা গাফিলতিৰ বাবে এনেদৰে ৰাজ্যৰ বহু শিক্ষকে বদলীকৰণৰ বাবে দীর্ঘদিনৰ পৰা অপেক্ষা কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক : Tezpur College : বৰ্তমানৰ চৰকাৰ মানুহক গাইগুটীয়া চিন্তাত সীমাবদ্ধ কৰি ৰখাতেই আটাইতকৈ সফল; মনোজ কুমাৰ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.