গুৱাহাটী,23 ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ শিৱ শক্তি ট্ৰেডাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মঙলবাৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ড ৷ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী সুনিল চান্দালিয়াই দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পাচত বুধবাৰে পুৱাৰ ভাগত ওচৰৰ ব্যৱসায়ীসকলে দোকানখনৰ ওপৰৰ টিন কটা প্ৰত্যক্ষ কৰি সুনিল চান্দালিয়াক খবৰ দিয়ে।
ইয়াৰ পাচতে ঘটনাস্থলীত সুনিল চান্দালিয়া উপস্থিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত সোমাই সকলো সামগ্ৰী লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে । উক্ত ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত চোৰে দোকানৰ টকাৰ বাকচ ভাঙি নগদ 20 হাজাৰ টকা, বহু দোকানৰ সামগ্ৰী লৈ যোৱা বুলি জানিব পৰা গৈছে । আনহাতে দোকানখনত সংলগ্ন থকা চিচিটিভি কেমেৰাও চোৰে লৈ যোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰেৰণ