ETV Bharat / state

ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব

author img

By

Published : Jun 20, 2021, 7:13 PM IST

ৰাজ্য চৰকাৰৰ হাতত মজুত আছে ৭,২৮,৮৬০ ড'জ ভেকচিন । ২৪ ঘণ্টাত ৰাজ্য চৰকাৰে লাভ কৰিছে দুই লাখ ড'জ কভিশ্বিল্ড আৰু ৩০ হাজাৰ ড'জ ক'ভাক্সিন । ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ ২.২১ শতাংশ । কানাডাৰ পৰা অসমৰ বাবে আহিল ২৭৪ কিল’গ্ৰামৰ ৫০০০ অক্সিজেন কনচেণ্ট্ৰটৰ ।

ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব
ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব

গুৱাহাটী, ২০ জুন : ক'ভিড-১৯ ক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি বৰ্ধিত টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ'ব । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম সাজু কৰি তোলা হৈছে । সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ভেকচিনৰ বিশাল কাৰ্যসূচী ।

ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব
ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব

ইয়াৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সাজু হোৱাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে খোদ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰৰ পৰা ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোকেই যিকোনো কেন্দ্ৰত গৈ ভেকচিন ল'ব পাৰিব আৰু ভেকচিন কেন্দ্ৰত গৈ নাম পঞ্জীয়ন কৰাৰো সুবিধা ল'ব পাৰিব । ইয়াৰে বাবে কেন্দ্ৰসমূহত লোক নিয়োগ কৰা হৈছে । ভেকচিন গ্ৰহণৰ ক্ষেত্রত যাতে কোনো লোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখযোগ্য যে, ২১ জুনৰ পৰা কেন্দ্ৰই সকলোৰে বাবে ভেকচিন বিনামূলীয়া কৰিছে । পূৰ্বতে ১৮-৪৪ বছৰৰ লোকৰ বাবে অসম চৰকাৰে ভেকচিন ক্ৰয় কৰিবলগীয়া হৈছিল । এতিয়াৰে পৰা কেন্দ্ৰই যোগান ধৰিব সকলো ভেকচিন । যাৰ পৰিপ্ৰেক্ষিতত দৈনিক ভেকচিন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ।

বিগত ২৪ ঘণ্টাত ৰাজ্য চৰকাৰে লাভ কৰিছে দুই লাখ ড'জ ক’ভিশ্বিল্ড আৰু ৩০ হাজাৰ ড'জ ক'ভাক্সিন । বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে ৭,২৮,৮৬০ ড'জ ভেকচিন । উল্লেখ্য যে, এতিয়ালৈকে ৫৩,২৩,১০১ গৰাকী লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৪২,৬৭,৮৩৩ গৰাকী লোকে প্ৰথম পালি আৰু ১০,৫৫,২৬৮ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে ।

ইফালে ৰাজ্যখনত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বিগত ২৪ ঘণ্ট‍াত ৰাজ্যখনত ১,৬১,৪২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৩,৫৭১ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ ২.২১ শতাংশ । এই সময়চোৱাত মৃত্যু হৈছে ৪০ গৰাকী ক'ভিড ৰোগীৰ ।

ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব
ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব

আনহাতে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৫,১৪১ গৰাকী লোকে । আৰোগ্যৰ হাৰ ৯১.৭৭ শতাংশ । বৰ্তমান সময়ত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৩৪,০২১ গৰাকী ৷ লক্ষণীয় বিষয় যে গুৱাহাটী মহানগৰীৰ তুলনাত শোণিতপুৰ, তিনিচুকীয়া, গোলাঘাট, নগাঁও, ডিব্ৰুগড় আদি জিলাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ।

আনহাতে কানাডাৰ পৰা অসমৰ বাবে আহিল ২৭৪ কিল’গ্ৰামৰ ৫০০০ অক্সিজেন কনচেণ্ট্ৰেটৰ । বিমানযোগে অনা এই সামগ্ৰীখিনি শনিবাৰে নিশা প্ৰায় ২.৩০ মান বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় । অসমে প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা অক্সিজেন কনচেণ্ট্ৰেটৰ লাভ কৰিছে আৰু এইসমূহ কনচেণ্ট্ৰেটৰ গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জলৈ প্ৰেৰণ কৰা হ’ব ৷ ৰেডক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ উদ্যোগত এই প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীখিনি অসমলৈ অনা হৈছে ৷

লগতে পঢ়কঃ ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.