গুৱাহাটী, 5 এপ্ৰিল : আমি ক'ব খুজিছোঁ ট্ৰাক চালকসকলৰ কথা ৷ সহস্ৰাধিক ট্ৰাক চালকে এই বিপৰ্যয়ৰ সময়তো ঘৰ-পৰিয়াল এৰি দেশৰ অৰঙে-দৰঙে ঘূৰি ফুৰিছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই ৷ চৰকাৰী তথ্য অনুসৰি কেৱল অসমতেই আছে লক্ষাধিক ট্ৰাক চালক ৷ অনুৰূপ ধৰণে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ বিহাৰ, পাঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ আদিৰ অসংখ্য লোকে ট্ৰাক চলাই জীৱিকা অৰ্জন কৰে ৷ তেওঁলোকৰ একাংশ কৰ্তব্যৰ পৰা বিৰত আছে যদিও অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা চালক সকলে দিনে নিশাই ঘৰৰ বাহিৰত কটাব লগীয়া হৈছে ৷ সংকটৰ এই ক্ষণত তেওঁলোকৰ বাবে পৰিয়ালৰ সতে থকাৰ যেন কোনো অৱকাশ নাই ৷
এই দুৰ্বিসহ সময়ত তেওঁলোকৰ জীৱন যাত্ৰাৰ কিছু আভাষ ল'বলৈ আমাৰ সাংবাদিক কাষ চাপিছিল গুৱাহাটীত বাহৰ পাতি থকা কেইগৰাকীমান ট্ৰাক চালকৰ ৷ তেওঁলোকৰ কোনোবাই যদি ট্ৰাকতে খাদ্য ৰান্ধি খাইছে, কোনোবাই আকৌ হাজাৰ হাজাৰ কিলোমিটাৰ ট্ৰাক চলাই ক্লান্ত হৈ পৰা শৰীৰটোক পুনৰ সতেজ কৰিবলৈ চাহ একাপো খাবলৈ পোৱা নাই । সংকটৰ এই জটিল সময়ত এফালে ঘৰত এৰি অহা পৰিয়াল চিন্তা আনফালে দেশবাসীৰ পেটৰ চিন্তা ।
তলাবন্ধৰ ফলত বিভিন্ন সময়ত আৰক্ষীৰ পৰা গালি শপনি খালেও কোনো আক্ষেপ নাই ৷ কিছুদিনৰ কষ্ট ভোগ কৰিলেও ভাল দিন পুনৰ ঘূৰি আহিব বুলি আশাবাদী এই ট্ৰাক চালক সকল ৷ যি সময়ত কৰ'ণা মহামাৰীয়ে অচিন ঘাতকৰ ৰূপ লৈ মৃত্যুৰ পোহাৰ মেলিছে, তেনে সময়তো জীৱনক তুচ্ছ জ্ঞান কৰি জনতাৰ সেৱাত ব্ৰতী হৈ থকা এই চালকসকলৰ কষ্ট আৰু ত্যাগ যেন কোনোবাখিনিত সকলোৰে দৃষ্টিৰ অলক্ষিতে এলাগী হৈ ৰৈছে ৷
লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলবাসীলৈ ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বিশেষ বাৰ্তা