গুৱাহাটী, ৬ জানুৱাৰী: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে অসম আৰু মেঘালয় চৰকাৰৰ দুই মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কৰা চুক্তিত মেঘালয় উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ (Supreme court on Assam Meghalaya border issue) ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰদিৱালাৰে গঠিত এক বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অসম আৰু মেঘালয়ক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলে দাখিল কৰা তথ্যৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে (SC quashes Meghalaya High Court stay order) ।
বুজাবুজি চুক্তিয়ে সামৰি লোৱা কিছুমান অঞ্চলে পুৰণি সীমা বিবাদৰ বাবে উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰা নাই আৰু চুক্তিখনৰ বাবে ৰাজ্য দুয়োখনৰ মাজৰ সীমাৰ সলনি কৰা হোৱা নাই বুলি দাখিল কৰা নথিসমূহ বিচাৰপীঠে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে । ইয়াৰ উপৰিও এই নিষ্পত্তিয়ে সংবিধানৰ ৩ নং অনুচ্ছেদ উলংঘা কৰাকে ধৰি বিভিন্ন অজুহাতত বুজাবুজি চুক্তিখন কাৰ্যকৰী কৰাৰ বিৰুদ্ধে প্ৰথমে উচ্চ ন্যায়ালয়ৰ কাষ চপা চাৰিজন লোকলৈও জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে (Assam Meghalaya border issue)৷
উল্লেখযোগ্য যে, ৩ নং অনুচ্ছেদত সংসদক নতুন ৰাজ্য গঠন আৰু বৰ্তমানৰ ৰাজ্যৰ সীমাৰ সাল-সলনিৰ সৈতে জড়িত আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হৈছে । ইয়াৰ পূৰ্বে দিনটোৰ প্ৰথমভাগত মেঘালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা আবেদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ শীৰ্ষ ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰি "আমি শুনিম । অনুগ্ৰহ কৰি আবেদনখনৰ তিনিটা কপি দিয়ক" বুলি কয় মুখ্য ন্যায়াধীশে । মেঘালয় উচ্চ ন্যায়ালয়ৰ এজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে দুই ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত চুক্তিৰ পিছত ৯ ডিচেম্বৰত চুক্তিৰ ভিত্তিত সীমা নিৰ্ধাৰণ বা মাটিত সীমা চকী স্থাপনৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ দিছিল (Assam Meghalaya border dispute) ।
পিছত উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে একক ন্যায়াধীশ বিচাৰপীঠৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত স্বাক্ষৰকাৰীসকলে শীৰ্ষ আদালতত আবেদন কৰিবলৈ বাধ্য হয় । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ মাৰ্চ মাহত দুয়োখন ৰাজ্যৰ মাজত প্ৰায়ে উত্তেজনা সৃষ্টি কৰি অহা কমেও ছটা স্থানত সীমা নিৰ্ধাৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল ।
বিগত বৰ্ষৰ ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ দুয়োজন মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰিছিল । অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদ ৫০ বছৰ ধৰি চলি আছে । কিন্তু শেহতীয়াকৈ চুক্তিখনৰ জড়িয়তে ইয়াৰ সমাধানৰ প্ৰচেষ্টাই অব্যাহত আছে । এই চুক্তিৰ জৰিয়তে দুয়োখন ৰাজ্যৰ ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘৰ সীমান্তৰ ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানত দীৰ্ঘদিনীয়া বিবাদ নিষ্পত্তি কৰিব বিচৰা হৈছে ।