গুৱাহাটী, 15 আগষ্ট : কৰ'ণা আৰু লক ডাউনৰ বাবে দেশত শ্ৰমজীৱী জনতা ব্যাপক ক্ষতিগ্ৰস্ত হৈছে । খাদ্যৰ লগতে বহুলোকে পৰ্যাপ্ত ঔষধ-পাতি ক্ৰয়ৰ ক্ষেত্ৰতো সমস্যাৰ সন্মূখীন হয় । এনে ক্ষতিগ্ৰস্ত জনতাক বিভিন্নজনে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে । কিন্তু লক ডাউনৰ এই জটিল সময়চোৱাত দৰিদ্ৰ ৰোগীসকলৰ বাবে দ্য ৰয়েল এফেয়াৰ্ছৰ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে । সংস্থাটোৱে বিনামূলীয়াকৈ কামৰূপ মহানগৰ এলেকাৰ একেবাৰে পিচপাৰ শ্ৰেণীৰ ৰোগীসকলক জৰুৰীকালীন ঔষধ যোগান ধৰে ।
বিগত তিনিমাহ ধৰি এনেদৰেই সংস্থাটোৱে ঔষধ বিতৰণ কৰি আছে। বিশেষকৈ ৰক্তচাপ, ব্লাড চুগাৰ, থায়ৰড, অষ্টিঅ'পোৰ'ছিচ আদি জৰুৰীকালীন ৰোগৰ ঔষধ বিনামূলীয়াকৈ যোগান ধৰে দ্য ৰয়েল এফেয়াৰ্ছে । চৰকাৰী নিয়ম-নীতি মানি দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়ালে সংস্থাটোৱে। উল্লেখ্য যে বিশিষ্ট চিকিৎসক ডাঃ প্ৰাকৃতিষ বৰাৰ তত্বাৱধানত স্বেচ্ছাসেৱী সংস্থাটোৱে এই পদক্ষেপ সফলতাৰে সম্পন্ন কৰে। দ্য ৰয়েল এফেয়াৰ্ছৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷
লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে ৰাইজিং হেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ