ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ OPD ত ৰোগীৰ দীঘলীয়া শাৰী - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ OPD ত ৰোগীৰ দীঘলীয়া শাৰী । গ্ৰীণ জ'নত লক্​ ডাউনৰ ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাৰ পিছতে চিকিৎসাৰ বাবে ওলাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ OPD ত ভিৰ কৰিছে ৰোগীয়ে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ OPD ত ৰোগীৰ দীঘলীয়া শাৰী

author img

By

Published : May 6, 2020, 12:23 PM IST

Updated : May 6, 2020, 4:04 PM IST

গুৱাহাটী, 6 মাৰ্চ : তৃতীয় পৰ্যায়ৰ লক্​ ডাউনত চৰকাৰে গ্ৰীণ জ'নত থকা অঞ্চলসমূহত কিছু শিথিলতা প্ৰদান কৰাৰ পাছতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে মানুহৰ জীৱন যাত্ৰা । গ্ৰীণ জ'ন গুৱাহাটীটো যান বাহনসমূহ চলাচল কৰাৰ লগতে বাছ সেৱাও আৰম্ভ হৈছে । যাতায়তৰ সুবিধা লাভ কৰাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ OPD ত ভিৰ কৰা পৰিলক্ষিত হৈছে। চিকিৎসাৰ বাবে হাস্পতালখনৰ OPDৰ বাহিৰত দীঘলীয়া শাৰীত থিয় থৈছে বহু লোক । গ্ৰীণ জ'নত চৰকাৰে শিথিলতা প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে চিকিৎসাৰ বাবে অহা লোকসকলে। বহু ৰোগীয়ে লক্​ ডাউন চলি থকাৰ বাবে চিকিৎসালয়লৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল যদিও এতিয়া সকাহ পাইছে ৰোগী সকলে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ OPD ত ৰোগীৰ দীঘলীয়া শাৰী

উল্লেখ্য যে, প্ৰতিদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক চিকিৎসাৰ বাবে আহে। বিশেষকৈ আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকে ব্যক্তিগত চিকিৎসালয়ৰ পৰিৱৰ্তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয়।

Last Updated : May 6, 2020, 4:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.