ETV Bharat / state

দহ মাহত ৰাজ্যৰ ভোটাৰৰ সংখ্যা ৪.৭৪ লাখলৈ বৃদ্ধি

২০২২ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্রস্তুত কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মূল ভোটাৰৰ সংখ্যা হৈছে ২,৩৪,৬৬,৮০৬ গৰাকী । ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ ১৮ জানুৱাৰীত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল । ইয়াৰ ভিতৰত ১,১৮,২৫,৩৮১ জন পুৰুষ আৰু ১,১৫,৭৭,০৬৫ গৰাকী মহিলা । তদুপৰি ৩৮৭ গৰাকী তৃতীয় লিংগৰ আৰু ৬৩,৯৬৪ জন ছাৰ্ভিচ ভোটাৰ ।

author img

By

Published : Nov 5, 2021, 7:19 PM IST

number of voters
দহ মাহত ৰাজ্যৰ ভোটাৰৰ সংখ্যা ৪.৭৪ লাখলৈ বৃদ্ধি

গুৱাহাটী, ৫ নবেম্বৰ : ৰাজ্যত মাত্র দহ মাহৰ ব্যৱধানতে বাঢ়িল ৪,৭৪,৩০১ গৰাকী ভোটাৰ । অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত এই কথা স্পষ্ট হৈছে । ২০২২ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মূল ভোটাৰৰ সংখ্যা হৈছে ২,৩৪,৬৬,৮০৬ গৰাকী ।

ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ ১৮ জানুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল। অৰ্থাৎ প্রায় ১০ মাহৰ ভিতৰতে অসমত ৪,৭৪,৩০১ গৰাকী ভোটাৰ বৃদ্ধি পাইছে । বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাসকলৰ ভিতৰত ১,১৮,২৫,৩৮১ জন পুৰুষ আৰু ১,১৫,৭৭,০৬৫ গৰাকী মহিলা ।

তদুপৰি ৩৮৭ গৰাকী তৃতীয় লিংগৰ আৰু ৬৩,৯৬৪ জন ছাৰ্ভিচ ভোটাৰ । মন কৰিব লগীয়া যে, ৰাজ্যৰ প্রতিখন জিলাতে বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷ ১০ মাহ পূৰ্বে কৰিমগঞ্জ জিলাত ভোটাৰৰ সংখ্যা আছিল ৯,১০,৪৩০ গৰাকী । জিলাখনৰ ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু বদৰপুৰ বিধানসভা সমষ্টিত এই সংখ্যা ৯,৩০,৮৭৭ জনলৈ বৃদ্ধি পাইছে ।

সেইদৰে হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ বিধানসভা সমষ্টিক লৈ গঠিত হাইলাকান্দি জিলাত ৪,৯৭,৪৬৩ গৰাকী ভোটাৰ আছিল যদিও এতিয়া এই সংখ্যা হৈছেগৈ ৫,০৮,৩৪৯ গৰাকী । বৰাক উপত্যকাৰ আন এখন জিলা কাছাৰতো ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে । বিগত ১৮ জানুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ১২,৫৭,৫১৯ গৰাকী ভোটাৰ থকা জিলাখনৰ শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া বিধানসভা সমষ্টিত বিশেষ সংক্ষিপ্ত সংশোধনী খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ১২,৭৫,৫২৩ গৰাকীৰ নাম ।

ডিমা হাছাও জিলাৰ একমাত্র বিধানসভা সমষ্টি হাফলঙত ১,৪৬,১৮৩ গৰাকীৰ পৰা ১,৪৭,৯৯৫ গৰাকীলৈ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । কাৰ্বি আংলং জিলাৰ তিনি বিধানসভা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফুত ৪,৭৮,৬৩৭ গৰাকী ভোটাৰ আছিল । কিন্তু এতিয়া এই সংখ্যা হৈছেগৈ ৪,৮৯,৭২১ গৰাকী । পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্র বিধানসভা সমষ্টি বৈঠালাংছ’ত ভোটাৰৰ সংখ্যা ২,০৯,৭৫৩ গৰাকীৰ পৰা ২,১১,৪৮৫ গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ দুই বিধানসভা সমষ্টি মানকাচৰ আৰু দক্ষিণ শালমাৰাত ভোটাৰৰ সংখ্যা ৪,১২,০৫০ গৰাকীৰ পৰা ৪,১৪,৬৮৭ গৰাকীলৈ বৃদ্ধি হৈছে । ধুবুৰী জিলাৰ পাঁচ বিধানসভা সমষ্টি ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা আৰু পূব বিলাসীপাৰাত মুঠ ভোটাৰৰ সংখ্যা আছিল ৯,৯১,৬২১ গৰাকী । পিছে এই সংখ্যা ১০ মাহৰ ব্যৱধানত বৃদ্ধি হৈছে ৯,৯৩,২০৩ গৰাকীলৈ ।

বি টি আৰৰ অন্তৰ্ভুক্ত কোকৰাঝাৰ জিলাতো বাঢ়িছে ভোটাৰৰ সংখ্যা । জিলাখনৰ তিনি বিধানসভা সমষ্টি গোসাঁইগাঁও, পশ্চিম কোকৰাঝাৰ আৰু পূব কোকৰাঝাৰত ৫,৫৩,৬৬৯ গৰাকীৰ পৰা ৫,৬৪,১৮৫ গৰাকীলৈ ভোটাৰ বৃদ্ধি হৈছে । চিৰাং জিলাৰ দুই বিধানসভা সমষ্টি চিদলী আৰু বিজনীত ৩,৬৩,২৭৭ গৰাকী ভোটাৰ আছিল । কিন্তু এই সংখ্যা এতিয়া বাঢ়িছে ৩,৭১,১১৭ গৰাকীলৈ ।

বঙাইগাঁও জিলাৰ অন্তর্গত বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিত ৫,৬০,৩৭০ গৰাকীৰ পৰা ভোটাৰৰ সংখ্যা ৫,৬৯,১৫০ গৰাকীলৈ বৃদ্ধি হৈছে । সেইদৰে গোৱালপাৰা জিলাৰ দুধনৈ, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ বিধানসভা সমষ্টিত ১০ মাহৰ পূৰ্বে ৭,৬০,৩৪৮ গৰাকী ভোটাৰ আছিল যদিও এতিয়া চাৰিওটা বিধানসভা সমষ্টিত এই সংখ্যা হৈছে ৭,৬৬,৫২০ গৰাকী ।

বৰপেটা জিলাৰ সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, চেঙা, ভৱানীপুৰ আৰু পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ক্ষেত্রতো অনুৰূপ দিশেই পৰিলক্ষিত হৈছে । এই বিধানসভা সমষ্টিকেইটাত ভোটাৰৰ সংখ্যা ১৪,৩২,৭৪১ গৰাকীৰ পৰা বৃদ্ধি পাইছে ১৪,৬০,৩৪২ গৰাকীলৈ । কামৰূপ জিলাৰ ছয় বিধানসভা সমষ্টি ক্রমে বকো, ছয়গাঁও, পলাশবাৰী, হাজো, কমলপুৰ আৰু ৰঙিয়াত ভোটাৰৰ সংখ্যা ১১,২৭,২৬৩ গৰাকীৰ পৰা ১১,৪৫,৯৯১ গৰাকীলৈ বাঢ়িছে ।

লগতে পঢ়ক: অনাগত মাহত পুনৰ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য !

কামৰূপ মহানগৰ জিলাত আছে চাৰিটাকৈ বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টিকেইটা হ’ল- জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী । চাৰিওটা বিধানসভা সমষ্টিতেই ভোটাৰৰ সংখ্যা আছিল ১১,৩৭,৩৭৫ গৰাকী । এতিয়া এই সংখ্যা বৃদ্ধি হৈছে ১১,৫৩,৩৩৯ গৰাকীলৈ । নলবাৰী জিলাৰ নলবাৰী, বৰক্ষেত্রী আৰু ধর্মপুৰ বিধানসভা সমষ্টিত ৫,৩৮,৯৪৮ গৰাকীৰ পৰা ভোটাৰৰ সংখ্যা ৫,৪৩,৩৮৭ গৰাকীলৈ বৃদ্ধি হৈছে ।

বাক্সা জিলাৰ তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰৰ পৰা বৃদ্ধি হৈ হৈছেগৈ ৫,৫১,৫৭৬ গৰাকী । ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৪,৬৬,৯৬৯ গৰাকীৰ পৰা ৪,৮০,৮৭৫ গৰাকীলৈ বৃদ্ধি হৈছে । সেইদৰে দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও বিধানসভা সমষ্টিত ১০ মাহ পূর্বে ৮,২৬,৪৮১ গৰাকী ভোটাৰ আছিল যদিও এই সংখ্যা এতিয়া হৈছে ৮,৪৩,৩৬১ গৰাকী ।

শোণিতপুৰ জিলাত আছে পাঁচটাকৈ বিধানসভা সমষ্টি হৈছে ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৮,৯৩,৬১৮ গৰাকীৰ পৰা ৯,৩৯,৯২৫ গৰাকীলৈ বৃদ্ধি হৈছে । বিশ্বনাথ জিলাৰ তিনি বিধানসভা সমষ্টি ক্রমে বিশ্বনাথ, বিহালী আৰু গহপুৰত ভোটাৰৰ সংখ্যা বাঢ়িছে ৪,৮৬,৯৭৭ গৰাকীৰ পৰা ৪,৯৮,৪১৪ গৰাকীলৈ ।

সেইদৰে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটতো এই সময়ছোৱাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । পূৰ্বে ৬,১২,১২৫ গৰাকী ভোটাৰ থকা তিনিওটা বিধানসভা সমষ্টিত এতিয়া মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬,২১,৭৭২ গৰাকী । নগাঁও জিলাৰ অন্তর্গত আঠটা বিধানসভা সমষ্টি ৰহা, ধিং, বটদ্রৱা, ৰূপহীহাট, নগাঁও, বঢ়মপুৰ, চামগুৰি আৰু কলিয়াবৰত মুঠ ভোটাৰৰ সংখ্যা ১৪,৪৬,৪২৩ গৰাকী আছিল যদিও ১৫,০২,৩৫৭ গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী : তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং বিধানসভা সমষ্টিত ৬,৯০,৩০৭ গৰাকী পৰা ভোটাৰ বাঢ়িছে ৬,৯১,৮১৩ গৰাকীলৈ । গোলাঘাট জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে-বোকাখাত, সৰুপথাৰ, গোলাঘাট আৰু খুমটাই । এই বিধানসভা সমষ্টিকেইটাত ৭,৩৮,৩০৮ গৰাকী ভোটাৰ আছিল যদিও প্রকাশিত বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি এই সংখ্যা ৭,৬৪,৩৬৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

যোৰহাট জিলাৰ পাঁচ বিধানসভা সমষ্টি ক্রমে দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ আৰু মৰিয়নিতো বাঢ়িছে ভোটাৰৰ সংখ্যা । মুঠ ৭,৫৬,৮৫৬ গৰাকী ভোটাৰ থকা বিধানসভা সমষ্টিকেইটাত ৭,৮০,৬১১ গৰাকীলৈ ভোটাৰ বৃদ্ধি হৈছে । মাজুলী জিলাৰ একমাত্র বিধানসভা সমষ্টি মাজুলীত পূর্বে ১,৩০,৪৮৩ গৰাকী ভোটাৰ আছিল । কিন্তু এতিয়া এই সংখ্যা হৈছেগৈ ১,৩৩,৪৯২ গৰাকী ।

সেইদৰে শিৱসাগৰ জিলাৰ আমগুৰি, থাওৰা, শিৱসাগৰ আৰু নাজিৰাত ভোটাৰৰ সংখ্যা ৫,১৭,৪৭৬ গৰাকীৰ পৰা ৫,২৯,৫৮৩ গৰাকীলৈ বৃদ্ধি হৈছে । চৰাইদেউ জিলাৰ দুই বিধানসভা সমষ্টি মাহমৰা আৰু সোণাৰিতো বাঢ়িছে ভোটাৰৰ সংখ্যা । বিধানসভা সমষ্টি দুটাত ৩,১২,৬১৪ গৰাকীৰ পৰা ৩,২২,০৫৭ গৰাকীলৈ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ।

লখিমপুৰ জিলাত আছে চাৰিটাকৈ বিধানসভা সমষ্টি । জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢকুৱাখনা বিধানসভা সমষ্টিত ১০ মাহ পূৰ্বে ৭,৬৬,৭২৪ গৰাকী ভোটাৰ আছিল । এতিয়া এই সংখ্যা ৭,৮৩,৪৭৭ গৰাকীলৈ বৃদ্ধি পাইছে । মুঠ ৫,৫৬,৬০৭ গৰাকী ভোটাৰ থকা ধেমাজি জিলাৰ দুই বিধানসভা সমষ্টি ধেমাজি আৰু জোনাইত ভোটাৰৰ সংখ্যা হৈছেগৈ ৫,৬০,৭৯০ গৰাকী ।

লগতে পঢ়ক: নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

ডিব্রুগড় জিলাৰ মৰাণ, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া আৰু চাবুৱা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ১০,৩৮,৬৮৪ গৰাকীৰ পৰা বৃদ্ধি হৈ ১০,৬০,৯৯৮ গৰাকী হৈছে । তিনিচুকীয়া জিলাত আছে পাঁচটাকৈ বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টিকেইটা হৈছে-তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, মার্ঘেৰিটা আৰু শদিয়া । জিলাখনত ভোটাৰৰ সংখ্যা উক্ত সময়ছোৱাৰ ভিতৰত ৮,৩৭,২১১ জনলৈ বৃদ্ধি পাইছে ।

উল্লেখ যে, অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি ৩০ নৱেম্বৰৰ ভিতৰত বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তি দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

ইয়াৰ বাবে নাগৰিকসকলে নামভৰ্তি কৰিবলৈ প্র-পত্র ৬, প্রবাসী ভোটাৰসকলে নামভৰ্তি কৰিবলৈ প্র-পত্র ৬(ক), নাম কৰ্তন কৰা বা আপত্তি দাখিল কৰিবলৈ প্র-পত্র ৭, যিকোনো বিৱৰণ সংশোধনৰ বাবে প্র-পত্র ৮ আৰু একেটা সমষ্টিৰ এটা ভোটকেন্দ্রৰ পৰা আন এটালৈ নাম স্থানান্তৰ কৰিবলৈ প্র-পত্র ৮(ক) পূৰণ কৰি দাখিল কৰিব লাগিব ।

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১ টাৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াসকলে প্রকাশ কৰিছে । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰাৰ ক্ষেত্রত সংহত খচৰা ভোটাৰ তালিকা ৮ নৱেম্বৰত প্রকাশ কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে ।

লগতে পঢ়ক: কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.