ETV Bharat / state

5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

author img

By

Published : Dec 14, 2020, 7:11 PM IST

মঙলবাৰে শপত ল'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদে ৷ কিন্তু মাত্ৰ 5 গৰাকী সদস্যইহে ল’ব শপত ৷ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিলে এই কথা ৷

the-new-autonomous-council-of-btc-will-be-formed-on-tuesday
মঙলবাৰে 5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

গুৱাহাটী, 14 ডিচেম্বৰ : সকলো ৰাজনৈতিক উৎকন্ঠাৰ সমাপ্তি ঘটাই মঙলবাৰে শপত গ্ৰহণ কৰিব বি টি আৰৰ নৱ নিৰ্বাচিত পৰিষদে । ইউ পি পি এল, বি পি এফ আৰু জি এছ পি মিত্ৰজোঁটে গঠন কৰিব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ ।

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জানিব পৰা মতে, মঙলবাৰৰ শপত গ্ৰহণ কাৰ্যসূচীত মাত্ৰ পাঁচ গৰাকী সদস্যইহে শপত ল’ব । সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শপত গ্ৰহণ কৰা 5 গৰাকীৰ মাজৰ দুগৰাকী ইউ পি পি এলৰ, দুজন বিজেপিৰ আৰু এজন জি এছ পিৰ সদস্য হ'ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য এই দুয়োটা পদতেই ইউ পি পি এলৰ সদস্য অধিষ্ঠিত হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : পেটৰ তাড়নাত বনকৰা হিচাপে কৰ্মৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.