ETV Bharat / state

এতিয়াও প্ৰস্তুত হোৱা নাই মহাজোটৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী

কংগ্ৰেছ, এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা আৰু বাওঁদল মিলি বিজেপিক ভেটিবলৈ জন্ম দিয়া মহাজোটৰ কোনো ধৰণৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী আজিলৈকে সাজু হৈ নুঠিল ৷ কাৰণ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা আসন ভাগ বাটোৱাৰাৰ নিমিলা অংকই আউল লগাইছে মহাজোটত ৷

author img

By

Published : Feb 25, 2021, 6:16 PM IST

Updated : Feb 25, 2021, 7:44 PM IST

এতিয়াও প্ৰস্তুত হোৱা নাই মহাজোটৰ ন্যুনতম উমৈহতীয়া কৰ্মসূচী

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী: যি সময়ত শাসকীয় দল বিজেপিয়ে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ পদুলিয়ে পদুলিয়ে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, সেই সময়তে কিন্তু কংগ্ৰেছ-এআইইউডিএফৰ উদ্যোগত গঠিত মহাজোটে সাধাৰণভাবে নিৰ্বাচনী অভিযান চলায়েই ক্ষান্ত থাকিবলগীয়া হৈছে । আসন বুজাবুজি বা মহাজোটৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী কি হ'ব সেয়াও এই পৰ্যন্ত সাজু কৰিব পৰা নাই বিৰোধী দল কেইটাই ।

কংগ্ৰেছ, এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা আৰু বাওঁদল মিলি যি মহাজোট ইতিমধ্যে বিজেপিক ভেটিবলৈ জন্ম দিয়া হৈছে, সেই মহাজোটৰ কোনো ধৰণৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী আজিলৈকে সাজু হৈ নুঠিল । ইয়াৰ অন্যতম কাৰণটোৱেই হৈছে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা আসন ভাগ বাটোৱাৰাৰ নিমিলা অংক ।

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দূৰ্গা দাস বড়োৱে ই টি ভি ভাৰতক কয় যে মাৰ্চৰ প্ৰথম ভাগতহে মহাজোটৰ এক ন্যুনতম উমৈহতীয়া কৰ্মসূচী সাজু হৈ উঠাৰ সম্ভাৱনা আছে । কিন্তু বৰ্তমানলৈকে এই ন্যুনতম উমৈহতীয়া কৰ্মসূচীক লৈ কোনো ধৰণৰ আলোচনা বা সিদ্ধান্ত মহাজোটৰ দল কেইটাৰ মাজত আলোচনা হোৱা নাই ।

লগতে পঢ়ক: ৰিপোৰ্ট কাৰ্ড : কৰিমগঞ্জৰ পাঁচটা সমষ্টিৰ সবিশেষ

Last Updated : Feb 25, 2021, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.