ETV Bharat / state

চাহ শ্ৰমিকৰ প্ৰতি চৰকাৰৰ মৰম ভৱিষ্যতেও অটুট থাকিবঃ নিৰ্মলা সীতাৰমণ

author img

By

Published : Feb 6, 2021, 7:29 PM IST

শনিবাৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত "চাহ বাগিচা ধন পুৰস্কাৰ মেলা"ত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ প্ৰতীকিভাবে এই অনুষ্ঠানত বিত্ত মন্ত্ৰীগৰাকীয়ে ছয়গৰাকী শ্ৰমিকক নিজ হাতে তিনি হাজাৰকৈ টকাৰ চেক প্ৰদান কৰাৰ বিপৰীতে বাকীসকলৰ একাউন্টলৈ ডিজিটেলী এই ধনৰাশি ট্ৰেঞ্চফাৰ কৰা হয় ৷

the-love-for-the-tea-tribe-will-be-continue-as-same-nirmala-sitaraman
চাহ শ্ৰমিকৰ প্ৰতি চৰকাৰৰ মৰম ভৱিষ্যতেও অটুট থাকিবঃ নিৰ্মলা সীতাৰমণ

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: "সমগ্ৰ বিশ্বই পুৱা যি কাপ চাহেৰে তন্দ্ৰাৰ অৱসাদ দুৰ কৰে, সেইকাপ চাহ যিসকলে কঠোৰ পৰিশ্ৰমেৰে উৎপাদন কৰে তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড ওপৰলৈ নিবই লাগিব"৷ এই মন্তব্য দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৷ শণিবাৰে গুৱাহাটীত উপস্থিত হোৱা বিত্ত মন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত "চাহ বাগিচা ধন পুৰস্কাৰ মেলা"ত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, এই অনুষ্ঠানত ৰাজ্যৰ 7,46,667 জন চাহ শ্ৰমিকৰ বেংক একাউন্টলৈ চৰকাৰে তিনি হাজাৰ টকাকৈ আগবঢ়োৱা এই আঁচনিখন শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী সীতাৰমণে ৷

শনিবাৰে প্ৰতীকিভাবে এই অনুষ্ঠানত বিত্ত মন্ত্ৰীগৰাকীয়ে ছয়গৰাকী শ্ৰমিকক নিজ হাতে তিনি হাজাৰকৈ টকাৰ চেক প্ৰদান কৰাৰ বিপৰীতে বাকীসকলৰ একাউন্টলৈ ডিজিটেলী এই ধনৰাশি ট্ৰেঞ্চফাৰ কৰা হয় ৷ অনুষ্ঠানত ভাগ লৈ সীতাৰমণে আৰু কয় যে, ৰাজ্য চৰকাৰৰ অনুৰোধৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেটত চাহ শ্ৰমিকৰ কল্যাণৰ বাবে এহেজাৰ কোটি টকা ধাৰ্য কৰাটো সম্ভৱ হৈছে ৷ চাহ শ্ৰমিকৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰ বদ্ধ পৰিকৰ বুলিও তেওঁ ঘোষণা কৰে ৷

চাহ শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে বৰ্তমানৰ চৰকাৰে যি কাম কৰিছে বিগত সত্তৰ বছৰে কোনো এখন চৰকাৰেই সেই কাম কৰা নাছিল ৷ ৰাজ্যত আঠ লক্ষাধিক চাহ শ্ৰমিকৰ বেংক একাউন্ট খুলিবলৈ সক্ষম হোৱাটো এক বিৰল ঘটনা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, উপস্থিত জনতাৰ বিপুল হৰ্ষোল্লাসৰ মাজত ভাষণ দি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া চাহ শ্ৰমিক ৰাইজৰ মনত এটাই অলপ দুখবোধ আছে ৷ সেইয়া হ'ল তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি ৷ এইয়া তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী ৷ সেই দাবীও অহা দহ দিনৰ ভিতৰত পূৰণ কৰা হ'ব বুলি উল্লেখ কৰি আগন্তুক দহ দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ অধিসূচনা জাৰি কৰা হ'ব বুলি মন্ত্ৰী ড৹ শৰ্মাই শনিবাৰৰ সভাত ঘোষণা কৰে ৷

লগতে পঢ়কঃ কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.