গুৱাহাটী,২৪ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা ৰাজ্যখনত অভাৱনীয় হাৰত অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ বিষয়টো উন্মোচিত হয় । ধিঙৰ বিধায়ক আমিনুল ইছলামৰ(MLA Aminul Islam) প্ৰশ্নৰ উত্তৰত ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে । আনকি ইয়াক লৈ বিধানসভাৰ মজিয়াত শাসক-বিৰোধীৰ মাজত বাদানুবাদৰ সৃষ্টি হয় আৰু এঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়(Assam Legislative Assembly Session 2022) ।
এই সন্দৰ্ভত ধিঙৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে, চৰকাৰী তথ্যমতে ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ ২৩ মাহত অসমত ২,১৮০ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সেইদৰে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৩,১৮১ টা, নাৰীজনিত অপৰাধৰ ১৯,১৯১ টা, চুৰিৰ ২৬,৯০৫ টা, ডকাইতিৰ ৩৬৯ টা, প্ৰৱঞ্চনাৰ ১২,৩৬১ টা ৷ আনহাতে ৰাজ্যখনত আক্ৰমণৰ ঘটনা ১৬,৭৭৪ টা, মাটিবাৰী সম্পৰ্কীয় ২১৯ টা, ড্ৰাগছ সংক্ৰান্তীয় ৪,৬০৭ টা, মানৱ সৰবৰাহ ২৫২ টা আৰু বেংক ডকাইতিৰ দুটা গোচৰ ৰুজু হৈছে(Law and order in Assam) ।
বিগত ২৩ মাহত ৰাজ্যত অপৰাধৰ ৮৫,৯৯৪ টা গোচৰ ৰুজু হৈছে । তেওঁ কয় যে পূৰ্বৰ ১০-১৫ বছৰৰ তুলনাত বিগত ২৩ মাহত অপৰাধৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে । ৰাজ্যখনৰ বাবে ই এক অশনি সংকেত । অপৰাধৰ হাৰ এনেদৰে বৃদ্ধি পোৱাটো অশুভ লক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে এই ক্ষেত্রত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা উচিত ।
আনহাতে এনকাউণ্টাৰ সন্দৰ্ভত তেওঁ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত চৰকাৰীভাৱে কোৱা হৈছে যে ২০২১চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈ ২৬ টা ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাত ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জন আহত হৈছে । চৰকাৰীভাৱে এই ঘটনাসমূহক অপৰাধীৰ লগত সংঘৰ্ষ বুলি কোৱা হৈছে । এনকাউণ্টাৰ হোৱা নাই বুলি কৈছে(Encounter in assam) ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় যে চৰকাৰে সংঘৰ্ষ বুলি ক'লেও প্ৰকৃততে এইবোৰ এনকাউণ্টাৰে হয় । বটদ্ৰৱাকাণ্ডৰ পাচত এই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষী জিম্মাত নিহত হোৱা আছিকুল ইছলামৰ বিষয়টো সদনত বিশেষভাৱে উল্লেখ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে চৰকাৰে ইয়াৰ কোনো সুদুত্তৰ নিদিলে । বহু প্ৰশ্নই থাকি গ'ল । তেওঁ কয় যে এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰাটো বন্ধ হ'ব লাগে ।
লগতে পঢ়ক: Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই