ETV Bharat / state

কৃষকৰ নামত আবন্টিত ট্ৰেক্টৰ হৰলুকি কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চক

author img

By

Published : Aug 19, 2020, 10:17 PM IST

কৃষকক প্ৰৱঞ্চনা কৰি তেওঁলোকৰ নামত আবন্টিত ট্ৰেক্টৰ হৰলুকিৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এজন ব্যক্তি । কোনো প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত এই আটকাধীন ব্যক্তিজনক অধিক তথ্যৰ সন্ধানত বৰ্তমান জালুকবাৰী আৰক্ষী থানাত চলোৱা হৈছে জেৰা ।

the-jalukbari-police-arrested-a-fraudster-for-tractor-distribution
কৃষকৰ নামত আবন্টিত ট্ৰেক্টৰৰ হৰলুকি কৰি আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক

গুৱাহাটী,১৯ আগষ্ট: এইবাৰ জালুকবাৰী আৰক্ষীৰ জালত পৰিল দৰিদ্ৰ কৃষকক প্ৰৱঞ্চনা কৰি তেওঁলোকৰ নামত চৰকাৰী ভাৱে আবন্টিত ৰাজসাহাৰ্য প্ৰাপ্ত ট্ৰেক্টৰৰ হৰলুকিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তি । ধৃত প্ৰৱঞ্চকজন বঙাইগাঁৱৰ সুভাষ চন্দন বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জালুকবাৰীৰ ট্ৰেক্টৰৰ এটা শ্ব' ৰুমৰ পৰা বিক্ৰি কৰা হৈছিল কৃষকৰ নামত আবন্টিত ১০খনকৈ টেক্টৰ । ইয়াৰে পাঁছখন ট্ৰেক্টৰ অতি চল চাতুৰিৰে নিজৰ নামলৈ নি প্ৰৱঞ্চক সুভাষ চন্দনে কৰিছিল অন্তৰ্ধান । অতিকে চতুৰ সুভাষ চন্দন নামৰ এই অভিযুক্ত ব্যক্তিজনে কৃষকক প্ৰৱঞ্চনা কৰাৰ কথা অৱগত হৈ বিভাগীয় কৰ্তৃপক্ষ কাষ চাপিছিল জালুকবাৰী আৰক্ষীৰ ।

কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এইগৰাকী প্ৰৱঞ্চক সুভাষ চন্দনক । সম্প্ৰতি ১৪৯৩/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে । আটকাধীন প্ৰবঞ্চক ব্যক্তিজনৰ লগতে প্ৰৱঞ্চনাৰ এই দুষ্কাৰ্যৰে কোন কোন লোক জড়িত হৈ আছে সেই সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.