গুৱাহাটী, ৯ মাৰ্চ: অসম চৰকাৰে আগন্তুক ৰঙালী বিহুত বিহু নৃত্যৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড (Guinness book of World Record) গঢ়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ৰাজ্যবাসীলৈ এটা সুখবৰ ৷ মহাবীৰ লাচিত বৰফুকন সন্দৰ্ভত ৰচনা লিখাৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িলে অসম চৰকাৰে (Assam government sets world record)। লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী (400 birth anniversary of Lachit Borphukan) উপলক্ষে অসম চৰকাৰে বিগত বছৰৰ নৱেম্বৰত ৰাজ্যখনৰ সকলো লোককে মহাবীৰগৰাকীৰ বিষয়ে ৰচনা লিখাৰ বাবে আহ্বান জনাইছিল ।
অসম চৰকাৰৰ তেনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ ৪২ লাখৰো অধিক ব্যক্তিয়ে অনলাইনযোগে লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি আপলোড কৰিছিল । লাচিত বৰফুকনৰ বিষয়ে লিখা সেই ৰচনাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে লাচিত বৰফুকনক লৈ লিখা ৰচনাই । বৃহস্পতিবাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষই অসম চৰকাৰক অভিলেখ গঢ়াৰ আনুষ্ঠানিক প্রমাণ পত্র প্রদান কৰে ।
গুৱাহাটীৰ জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ এডজুডিকেটৰ স্বপ্নিল ডাংগেৰিকাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্রখন প্ৰদান কৰে । গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ 'Largest online photo album of handwritten Notes' শিতানত মহাবীৰ লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনাৰ বাবে অসম চৰকাৰে এই স্বীকৃতি লাভ কৰে ।
প্ৰমাণ পত্ৰ গ্ৰহণ কৰিয়েই ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি দেশ-বিদেশৰ ৪২ লাখ ৯৪ হাজাৰ ৩৫০ জন লোকে লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই ‘‘হাতে লিখা ৰচনাৰ বৃহত্তম অনলাইন ফটো এলবাম’’ শিতানত লাচিতৰ ৰচনাৰ বাবে স্বীকৃতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে । ৰচনা লিখাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৫৭ লাখ লোকে লিখা ৰচনা সন্নিবিষ্ট হৈছিল যদিও ৪২,৯৪,৩৫০ জন লোকৰ লেখা চূড়ান্ত কৰা হৈছিল ।
ইয়াৰ লগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, ৰচনা লিখাৰ এই প্ৰক্ৰিয়াৰ যোগেদি বুৰঞ্জীৰ বহু নজনা কথা পোহৰলৈ আহিছিল । শৰাইঘাট ৰণৰ বহু বীৰ যোদ্ধাৰ বিষয়ে জানিব পৰা গৈছিল । লাচিত বৰফুকনৰ ইতিহাস যাতে বিকৃত নহয় তাৰ বাবে ৰূপৰামক শৰাইঘাটৰ বিষয়ে লিখা কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। কিন্তু ৰূপৰামে লিখা বুৰঞ্জীৰ বহুল প্ৰচাৰ হোৱা নাছিল । যাৰবাবে বহু কথা ইতিহাসৰ পাততে আছিল ।
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অচিৰেই পানবজাৰৰ এছ পি বাংলোৰ স্থানত শৰাইঘাটৰ যুদ্ধৰ স্মাৰক নিৰ্মাণ কৰা হ'ব আৰু লগতে প্ৰতিগৰাকী যোদ্ধাৰ নাম লিপিবদ্ধ কৰা হ'ব । আমি ইমান দিনে আমাৰ কথাবোৰ কোৱা নাছিলো । এতিয়া কোৱা আৰম্ভ কৰাৰ লগে লগে স্বীকৃতি পাবলৈ সক্ষম হৈছো । চৰাইদেউ মৈদামে স্বীকৃতি পাব । ১৪ এপ্ৰিলত বিহুৰ বিষয়ে বিশ্ববাসী অৱগত হ'ব বুলি ৷
বাগৰুম্বা নৃত্যৰ লগতে সত্রীয়া সংস্কৃতিৰ খোল বাদনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ আমি আমাৰ সভ্যতাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিম বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে ৷
উক্ত অনুষ্ঠানৰ আদৰণি ভাষণত মুখ্যমন্ত্রীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই (Principal Secretary Samir Kumar Sinha) কয় যে, লাচিত বৰফুকনৰ বিষয়ে দেশ-বিদেশৰ ৪২,৯৪,৩৫০ জন লোকে লিখা ৰচনা চূড়ান্ত কৰা হৈছে । ২৫ টা ভাষাত ৰচনাসমূহ লিখা হৈছিল ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মন্ত্রী কেশৱ মহন্ত আৰু ডাঃ ৰণোজ পেগু, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপৰিও কেইবাগৰাকী মন্ত্রী-বিধায়ক আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক: Women’s Day special event: নাৰী দিৱস উপলক্ষে অসম আৰক্ষীত মহিলা শীৰ্ষক অনুষ্ঠান