গুৱাহাটী, 8 আগষ্ট : ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় যোদ্ধা দ্য গ্ৰেট খালী আহিল গুৱাহাটীলৈ । কোনো প্ৰতিযোগিতাৰ বাবে নহয়, খালী আহিল গুৱাহাটীত ফিটনেছ একাডেমী উদ্বোধন কৰিবলৈ । মহানগৰীৰ হোটেল পেলেছিয়াত দ্যা গ্ৰেট খালীয়ে উদ্বোধন কৰিলে ব'ব ফিটনেছ একাডেমী । ব'ব ফিটনেছ একাডেমীত 2 মাহৰ পৰা 6 মাহৰ বিভিন্ন পাঠ্যক্ৰমত থাকিব শাৰীৰিক ব্যৱহাৰিক পাঠ্যক্ৰম । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি খালীয়ে নিজৰ ভাষণত কয় যে, 25 বছৰ ধৰি শৰীৰ চৰ্চা কৰি বৰ্তমান আমেৰিকত থাকিও ভাৰতৰ প্ৰতি তেওঁৰ হৃদয়ত থকা প্ৰেমৰ বাবে তেওঁ ভাৰতলৈ ঘূৰি আহিছে । তেওঁ ভাৰতৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পাঞ্জাৱত ড্ৰাগছ আসক্ত বহু যুৱক তেওঁৰ শৰীৰ চৰ্চা কেন্দ্ৰলৈ আহি নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰি সম্পূৰ্ণৰূপে নিচামুক্ত হৈছে বুলি খালীয়ে উল্লেখ কৰে । যুৱ প্ৰজন্মই যদি ড্ৰাগছ নিচাৰ পৰিবৰ্তে শৰীৰ চৰ্চাক নিচা হিচাপে লয় তেন্তে এই নিচাই তেওঁলোকৰ জীৱন গঢ়িব বুলিও মন্তব্য প্ৰকাশ কৰি খালীয়ে যুৱ প্ৰজন্মক শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায় ।
গুৱাহাটীত দ্য গ্ৰেট খালী - উদ্বোধন
ফিটনেছ একাডেমী উদ্বোধন কৰিবলৈ গুৱাহাটীত দ্য গ্ৰেট খালী ৷ ভাৰতৰ প্ৰতি তেওঁৰ হৃদয়ত থকা প্ৰেমৰ বাবে দেশলৈ ঘূৰি আহিছে বুলি উল্লেখ ।
গুৱাহাটী, 8 আগষ্ট : ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় যোদ্ধা দ্য গ্ৰেট খালী আহিল গুৱাহাটীলৈ । কোনো প্ৰতিযোগিতাৰ বাবে নহয়, খালী আহিল গুৱাহাটীত ফিটনেছ একাডেমী উদ্বোধন কৰিবলৈ । মহানগৰীৰ হোটেল পেলেছিয়াত দ্যা গ্ৰেট খালীয়ে উদ্বোধন কৰিলে ব'ব ফিটনেছ একাডেমী । ব'ব ফিটনেছ একাডেমীত 2 মাহৰ পৰা 6 মাহৰ বিভিন্ন পাঠ্যক্ৰমত থাকিব শাৰীৰিক ব্যৱহাৰিক পাঠ্যক্ৰম । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি খালীয়ে নিজৰ ভাষণত কয় যে, 25 বছৰ ধৰি শৰীৰ চৰ্চা কৰি বৰ্তমান আমেৰিকত থাকিও ভাৰতৰ প্ৰতি তেওঁৰ হৃদয়ত থকা প্ৰেমৰ বাবে তেওঁ ভাৰতলৈ ঘূৰি আহিছে । তেওঁ ভাৰতৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পাঞ্জাৱত ড্ৰাগছ আসক্ত বহু যুৱক তেওঁৰ শৰীৰ চৰ্চা কেন্দ্ৰলৈ আহি নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰি সম্পূৰ্ণৰূপে নিচামুক্ত হৈছে বুলি খালীয়ে উল্লেখ কৰে । যুৱ প্ৰজন্মই যদি ড্ৰাগছ নিচাৰ পৰিবৰ্তে শৰীৰ চৰ্চাক নিচা হিচাপে লয় তেন্তে এই নিচাই তেওঁলোকৰ জীৱন গঢ়িব বুলিও মন্তব্য প্ৰকাশ কৰি খালীয়ে যুৱ প্ৰজন্মক শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায় ।
Body:মহানগৰীৰ হোটেল পেলেছিয়াত আজি বিশ্ব বিখ্যাত
ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় যোদ্ধা দ্যা গ্ৰেট খালীয়ে উদ্ধোধন কৰিলে ব'ব ফিটনেছ একাডেমী। ব'ব ফিটনেছ একাডেমীত ২.৫ মাহৰ পৰা ৬ মাহৰ বিভিন্ন পাঠ্যক্ৰমত থাকিব পুষ্ট আৰু শাৰীৰিক ব্যৱহাৰিক পাঠ্যক্ৰম। একাডেমী খনত দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থী সকল পুষ্ট আৰু শাৰীৰিক ব্যৱহাৰিক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিব পাৰিব। ব'ব ফিটনেছ একাডেমীত বিভিন্ন পাঠ্যক্ৰমত নামভৰ্ত্তিৰ বাবে ২৫ৰ পৰা ৪০ হাজাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে।
উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰন কৰি খালী য়ে নিজৰ ভাষণত কয় যে ২৫ বছৰ ধৰি শৰীৰ চৰ্চা কৰি বৰ্তমান আমেৰিকত থাকিও ভাৰতৰ প্ৰতি তেওঁৰ হৃদয়ত থকা প্ৰেৰমৰ বাবে তেওঁ ভাৰতলৈ ঘূৰি আহিছে। তেওঁ ভাৰতৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা অব্যহত ৰাখিছে। খালীয়ে লগতে পাঞ্জাৱত ড্ৰাগছ আসক্ত বহু যুৱক তেওঁৰ শৰীৰ চৰ্চা কেন্দ্ৰলৈ আহি নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰি সম্পূৰ্ণৰূপে নিচামুক্ত হৈছে। যুৱ প্ৰজন্মই যদি ড্ৰাগছ নিচাৰ পৰিবৰ্তে শৰীৰ চৰ্চাক নিচা হিচাপে লয় তেন্তে এই নিচাই তেওঁলোকৰ জীৱন গঢ়িব বুলিও মন্তব্য প্ৰকাশ কৰি খালীয়ে যুৱ প্ৰজন্মক শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায়।
বাইট : খালী
Conclusion:উলুবাৰীৰ বি বৰুৱা পথত থকা একাডেমীখনত আহাৰ বিশেষজ্ঞ, ঝু মবা প্ৰশিক্ষক, যোগাসনৰ ডিপ্লমা, মধুমেহ শিক্ষকৰ লগতে ফিটনেছ প্ৰশিক্ষক আদি স্বীকৃতি প্ৰাপ্ত পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।