গুৱাহাটী, 2 ফেব্ৰুৱাৰী: জি 20 বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ (SFWG) বৈঠকৰ প্ৰথম দিনাৰ কাৰ্যসূচী বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত হয় । বৈঠকখন উদ্বোধন কৰে কেন্দ্ৰীয় আয়ুস তথা বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal in G20 summit)। জি 20 বৈঠকত অংশগ্ৰহণ কৰা দেশ বিদেশৰ প্ৰতিনিধিসকলক আদৰণি জনাই প্ৰদান কৰা উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বিবিধ জাতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে (G20 SFWG conference) ।
তেওঁ কয় যে, গুৱাহাটীৰ সংস্কৃতি, ঐতিহ্য আৰু প্ৰকৃতি ভাৰতৰ জনমুখী দৃষ্টিভংগীৰ প্ৰতিফলন । এক বহনক্ষম ভৱিষ্যতত পৰম্পৰাগত ঔষধৰ ভূমিকা ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ লক্ষ্য হৈছে ভাৰতৰ সুপ্রাচীন জ্ঞান আৰু পৰম্পৰাগত জ্ঞানক প্ৰয়োগ কৰি এক বহনক্ষম ভৱিষ্যতৰ পথ প্রশস্ত কৰা আৰু ইয়াক মূলধন কৰি গঢ়ি তোলা" (G20 Sustainable Finance Working Group summit) ।
![G20 Summit in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-g20stroy-7210645_02022023192932_0202f_1675346372_287.jpg)
অনুষ্ঠানত অংশগ্ৰহণ কৰা এছ এফ ডব্লিউ জি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপাধ্যক্ষ লেৰী মেকড’নাল্ডে সেউজ স্বাস্থ্য আৰু কল্যাণকামী বিষয়বোৰৰ প্ৰচাৰৰ দিশবোৰৰ দায়বদ্ধতাৰ সম্পৰ্কত চমু ভাষণ দিয়ে । তেওঁ কয় যে, জি 20 SFWG ৰ লক্ষ্য হৈছে বিশ্বব্যাপী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰাত সহায় কৰিবলৈ সেউজ, অধিক স্থিতিস্থাপক, সামগ্রিক সমাজ আৰু অৰ্থনীতিৰ দিশত পৰিৱৰ্তনৰ প্ৰচাৰ কৰিবলৈ বহনক্ষম বিত্তীয় সাহায্য সংগঠিত কৰা (G20 SFWG conference in Guwahati) ।
![G20 Summit in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-g20stroy-7210645_02022023192932_0202f_1675346372_785.jpg)
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে দেশ-বিদেশৰ প্ৰতিনিধিসকলে অসমৰ চাহৰ সোৱাদ লয় আৰু বাঁহেৰে প্ৰস্তুত বিভিন্ন হস্তশিল্প, থলুৱা ৰেচম সামগ্রী আদি এক প্রদর্শনীতো উপস্থিত থাকে । আজিৰ প্রথম SFWG বৈঠকত জি 20 সদস্য দেশ, 10 খন আমন্ত্রিত দেশ আৰু 14 টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ 95 গৰাকী প্রতিনিধিয়ে অংশগ্রহণ কৰিছে ৷ ইয়াৰ উপৰিও ভালেমান আন্তর্জাতিক সংগঠনে সভাখনত ভার্চুৱেলী যোগদান কৰে ।
![G20 Summit in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-g20stroy-7210645_02022023192932_0202f_1675346372_584.jpg)
গুৱাহাটীৰ জি 20 বহনক্ষম বিত্ত কাৰ্যকৰী গোটে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ বাবে কেনেদৰে বিত্তীয় সাহায্য সংগঠিত কৰিব পাৰি, নতুনকৈ বিকশিত নিম্ন কাৰ্বন প্ৰযুক্তিৰ বাবে কেনেদৰে পুঁজি যোগান ধৰিব লাগে সেই বিষয়ে আলোচনা কৰিব ৷ ইয়াৰ লগতে প্রকৃতি আৰু জৈৱ বৈচিত্র্যকে ধৰি বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ বাবে বিত্তীয় সঁজুলি চিনাক্ত কৰাৰ লগতে বহনক্ষম বিত্ত বুজিবলৈ আৰু সংগঠিত কৰাৰ বাবে দেশসমূহৰ ক্ষমতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰিব (G20 Sustainable Finance Working Group) ।
জি 20 বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা প্রতিনিধিসকলে ক্ৰুজযোগে ব্ৰহ্মপুত্ৰ পৰিদৰ্শন কৰাৰ পিচতে আজিৰ প্ৰথমদিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে । ব্ৰহ্মপুত্ৰ পৰিদৰ্শন কালত উপস্থিত হোৱা দলটোৰ বাবে নৈৰ পাৰত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ অনবদ্য প্ৰদৰ্শনৰ আয়োজন কৰা হয় ।
লগতে পঢ়ক: G20 summit: জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠকৰ বাবে সাজু গুৱাহাটী