গুৱাহাটী, 27 অক্টোবৰ : বিমল বড়াক SI কেলেংকাৰীৰ তদন্তৰ আওঁতালৈ অনাৰ দাবীত ৰাজগড়ত চিপিআই (এম এল) ৰ দলটোয়ে কাৰ্যালয়ৰ চৌহদৰ সন্মুখত পুৱা 6 বজাৰ পৰা 36 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ মঙলবাৰৰ চিপিআই (এম এল) দলৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে ৷ তেওঁলোকৰ দাবী SI কেলেংকাৰীৰ CID ৰ তদন্তৰ ভেকোভাওঁনা বন্ধ কৰক, SI কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰাওঁক, লগতে বিধায়ক বিমল বড়াক তদন্তৰ আওঁতালৈ অনাৰ দাবী জনাই প্ৰতিবাদকৰীয়ে ৷
![The biggest scandal in the history of SI scams: CPI Said](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9333987_ss.jpg)
সমান্তৰাল ভাৱে এছ আই কেলেংকাৰীক ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী আখ্যা দি বিষযটো CID তদন্তই শাসকীয় দলটোক ৰক্ষনাবেক্ষণ দিয়াৰ চেষ্টা কৰা দেখা গৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক : পূজাৰ ছুটি শেষ হোৱা নাই চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত !
প্ৰতিবাদকাৰীৰ মন্তব্য অনুসৰি, যিটো বিভাগত কেলেংকাৰী সংগঠিত হৈছে সেইটো বিভাগৰ তদন্তকাৰী সংস্থাই কিমান নিৰপেক্ষ হৈ তদন্ত কৰিব সেইটো লৈ সচেতন মহলৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছিল । আনকি, শাসকীয় দলৰ বিধায়ক বিমল বৰাৰ নাম উচ্চাৰিত হোৱাৰ পিচতো কোনো পদক্ষেপ গ্ৰহণ নকৰা শাসকীয় দলৰ লগত সু-সম্পৰ্ক থকা একাংশ বিশেষ ব্যক্তিক জেৰা নকৰা, সামান্য জেৰা কৰি জেললৈ প্ৰেৰণ কৰা আদি কামৰ মাজেদি CID য়ে নিজৰ অক্ষমতাক প্ৰমাণ কৰা নাই ইয়াত চলা ৰাজনৈতিক হস্তক্ষেপকো উদঙাই দিয়া বুলি মন্তব্য প্ৰতিবাদকাৰীৰ ৷
![The biggest scandal in the history of SI scams: CPI Said](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9333987_oo.jpg)
লগতে পঢ়ক : নাওবৈচাৰ জনাঞ্চলত থকা বাৰ বন্ধৰ দাবীৰে ৰাজহুৱা সভা অনুষ্ঠিত
উল্লেখ্য যে, মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত চি পি আই এম এলৰ শতাধিক লোক অংশগ্ৰহণ কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মধুৰাম গগৈ, কা বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱা, কা বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ উপদেষ্টা সুনন্দ প্ৰসাদ লাহন, যুৱ কংগ্ৰেছৰ টিংখাং ব্লকৰ সম্পাদক সত্যজিৎ চুতিয়া, নাচনি যুৱ কংগ্ৰেছৰ সভাপতি উপেন গগৈ, চিপিআই এম এল ৰ ৰাজ্যিক সমিতিৰ সদস্যা মীৰা তাঁতী, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদিকা মায়া মুড়া, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ টিংখাং চাৰ্কোল সমিতিৰ সম্পাদক বিনোদ মুড়া, আইছাৰ অনিতা হাচা, বিপ্লৱী যুৱ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি জিতানু গড়াইত আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।
লগতে পঢ়ক : ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি