ETV Bharat / state

Har Ghar Tiranga 2022: ৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ - অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলমণ্ডিত কৰি তোলাৰ উদ্দেশ্য ৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ(The Assam Khadi and Village Industries) ৷ মঙলবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ।

the-assam-khadi-and-village-industries-board-has-set-target-of-producing-50-thousand-flags
৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ
author img

By

Published : Aug 2, 2022, 8:45 PM IST

গুৱাহাটী, ২ আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি হৰ ঘৰ ত্ৰিৰংগা সফল কৰাৰ উদ্দেশ্যে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডেও ব্যৱস্থা হাতত লৈছে(AKVIB has set target of producing 50 thousand flags) । এইবাৰ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডে(The Assam Khadi and Village Industries) ৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইতিমধ্যে, ৩০ হাজাৰতকৈ অধিক পতাকা প্ৰস্তুত কৰি উলিওৱা হৈছে । যাৰ মূল্য ৯০,১৫,২৫০ টকা । মঙলবাৰে বৰ্ডৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ।

৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ

তেওঁ লগতে কয় যে, ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে ৫০ হাজাৰ পতাকা প্রস্তুতৰ লক্ষ্য লৈছে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডে । বিহাৰ, অৰুণাচল প্ৰদেশেও জাতীয় পতাকা ক্ৰয় কৰিব অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ পৰা । উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় পতাকা প্রস্তুতৰ একমাত্ৰ কৰ্তৃত্ব অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ড থকাৰ বাবেই বিভিন্ন ৰাজ্যৰ পৰা অৰ্ডাৰ আহিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

আনহাতে, তেওঁ সকলোকে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ জাতীয় পতাকা ব্যৱহাৰ কৰিবলৈহে আহ্বান জনায় । সম্প্ৰতি অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডত মুঠ ৩০ৰ পৰা ৩৫ গৰাকী কৰ্মী নিয়োজিত হৈ আছে কেৱল জাতীয় পতাকা প্রস্তুতৰ বাবে । অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ জাতীয় পতাকাৰ সৰ্বনিম্ন মূল্য হৈছে ৫০ টকা ৷

ইতিমধ্যে, প্ৰস্তুত হৈ উঠা জাতীয় পতাকা সমূহ বিভিন্ন চৰকাৰী, অৰ্ধচৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান আৰু ৰাইজে ক্ৰয় কৰিছে । তাৰোপৰি ৰাজ্যৰ বিভিন্ন স্থানত থকা ১৯ টা বিক্ৰী কেন্দ্ৰৰ যোগেদি জাতীয় পতাকা বিক্ৰী কৰি থকা হৈছে ।

আনহাতে, খাদী ব’ৰ্ডে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ খাদী চোলা আৰু এড়ি চাদৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে বুলিও কয় ।

ইপিনে তেওঁ কয় যে, ক'ভিড কালৰ সময়ত ১০ লাখ খন মাস্ক প্ৰস্তুত কৰি ৩ কোটি টকা লোকচান হৈছিল অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ । এখন মাস্কৰ মূল্য আছিল ৩০ টকাকৈ । যাৰ বাবে এইবাৰ অত্যাধিক জাতীয় পতাকা প্ৰস্তুত কৰিব বিচৰা নাই খাদী ব’ৰ্ডে ।

আনহাতে, সকলো বিভাগৰ দৰে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডতো আছে বহু খালী পদ । খালী পদসমূহ পূৰণৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে অধ্যক্ষ ডাঃ কমলা কলিতাই ।

লগতে পঢ়ক : Har Ghar Tiranga 2022 : ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত আমগুৰিৰ মহিলাসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.