ETV Bharat / state

তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীৰ অকাট্য যুক্তিৰ পিছত সদনত ধ্বনি ভোটৰ মাজেৰে গৃহীত কৰা হয় বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক ৷ বিৰোধী পক্ষই বিধেয়কখনৰ সৰ্বমুঠ ৭৬ টা সংশোধনী সদনত দাখিল কৰিছিল আৰু এই বিধেয়কখন শুকুৰবাৰৰ দিনটোত গৃহীত কৰাৰ পৰিৱৰ্তে বিধানসভাৰ বাচনি সমিতি (Select Committee) লৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল ।

The Assam Cattle Preservation Bill 2021
তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহিত গো-সুৰক্ষা বিধেয়ক
author img

By

Published : Aug 13, 2021, 8:22 PM IST

গুৱাহাটী, ১৩ আগষ্ট: "ভাৰত মাতা কি জয়" ধ্বনিৰে অসম বিধানসভাত শুকুৰবাৰে বিয়লি গৃহীত হ'ল বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক । বিৰোধী পক্ষই বিধেয়কখন সন্দৰ্ভত সৰ্বমুঠ ৭৬ টা সংশোধনী সদনত দাখিল কৰিছিল আৰু এই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে বিধানসভাৰ বাচনি সমিতি (Select Committee) লৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল ।

কিন্তু বিৰোধী পক্ষৰ এনে দাবী সদনত একপ্ৰকাৰ নস্যাৎ হয় আৰু বিয়লি ধ্বনি ভোটৰ মাজেৰে বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত এক নতুন ইতিহাসৰ ৰচনা হয় ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম, চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি বিৰোধী পক্ষৰ বহু কেইগৰাকী বিধায়কে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । বিধায়ক আমিনুল ইছলামে বিধেয়কখনৰ বিৰোধিতা কৰি সদনত কয় যে, এই নতুন আইনৰ ফলত ৰাজ্যত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হ'ব গো-পালক আৰু কৃষক সকল ।

এইখন বিধেয়কৰ সৈতে অসমৰ অৰ্থনীতিৰ বিষয়টো জড়িত হৈ আছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে, বিধেয়কখন যদিহে আইনলৈ ৰূপান্তৰিত হয় তেন্তে অসমৰ অৰ্থনীতিৰ প্ৰায় ২০ হাজাৰ কোটি টকাৰ ক্ষতি হ'ব । এক কথাত এই বিধেয়কখনে অসমৰ অৰ্থনীতি জুৰুলা কৰিব বুলি উল্লেখ কৰি এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে আৰু কয় যে, অসমৰ সকলো মন্দিৰ-নামঘৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গো-মাংসৰ বিক্ৰী নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণযোগ্য হ'ব নোৱাৰে ।

লগতে পঢ়ক:স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক

এনে হ'লে অসমত ক’তো গো-মাংস বিক্ৰীয়েই কৰিব নোৱাৰিব । গৰু বিলুপ্তপ্ৰায় প্ৰাণী নহয় যে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এনে কঠোৰ আইন গো সুৰক্ষাৰ পৰিৱৰ্তে নাৰী সুৰক্ষাৰ ক্ষেত্ৰতহে হ'ব লাগিছিল বুলি তেওঁ মন্তব্য কৰে ।

একেদৰে চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও এই আইনখনৰ বিৰোধ কৰি কয় যে, এই বিধেয়কখনৰ মতে ১৫ বছৰ বয়স নহ'লে কোনেও গৰু বিক্ৰী কৰিব নোৱৰাৰ যি ব্যৱস্থা কৰিছে সিয়ে কৃষক বা সাধাৰণ শ্ৰেণীৰ লোকক মাধমাৰ সোধাব । সেইবাবে বিধেয়কখন বিধানসভাৰ বাচনি সমিতিলৈ প্ৰেৰণ কৰিবলৈ তেওঁ দাবী জনায় ।

আনহাতে, বিৰোধী পক্ষৰ এনেবিলাক যুক্তি শুনাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা এই বিধেয়কখনৰ সপক্ষে অৰ্থনৈতিক, ধাৰ্মিক আৰু বিজ্ঞানসন্মত যুক্তি দৰ্শাই ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে, গো সুৰক্ষাৰ কথা কেৱল বিজেপিয়েই কোৱা নাই, মহাত্মা গান্ধীয়েও কৈ থৈ গৈছে । গতিকে কংগ্ৰেছ দলে যদি এতিয়া মহাত্মা গান্ধীৰ চিন্তা আৰু দৰ্শনৰ বিৰুদ্ধে কথা কয় তেন্তে তেওঁৰ ক'বলগীয়া একো নাই বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: ডবকাৰ টোল গেটত পিস্তলধাৰী দুৰ্বৃত্তৰ দাদাগিৰি

মহাত্মা গান্ধীৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, তেওঁ ১৯২৪ চনতে লিখি থৈ গৈছে যে কোনে কিমান ডাঙৰকৈ কপালত তিলক ল’লে বা কিমান ডাঙৰকৈ মন্ত্ৰ উচ্চাৰণ কৰিলে সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে গো-মাতাক কোনে কিমান সন্মান কৰিছে সেয়াহে প্ৰকৃত হিন্দুত্বৰ পৰিচয় ।

মুখ্যমন্ত্ৰীয়ে সদনত লগতে কয়, "আমি যিখন দেশত বাস কৰিছোঁ এইখন দেশৰ সভ্যতা-সংস্কৃতি পাঁচ হাজাৰ বছৰ পুৰণি । গো-মাতাক ৰক্ষা কৰা, সন্মান জনোৱা এই সভ্যতাৰ অংগ । যি মাতৃয়ে আমাক ইমান দিলে সেই মাতৃক সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য ।

'মই বুজি পোৱা নাই, এইখন বিধেয়ক গৃহীত হ'লে অসমৰ অৰ্থনীতিৰ ২০ হাজাৰ কোটি লোকচান হ'ব বুলি বিৰোধীয়ে কৈছে । কিন্তু কেনেকৈ ? অসমত গৰুৰ ব্যৱসায়ে অৰ্থনীতি নিৰ্ণয় কৰা নাই । গৰুৰ এখন চোৰাং বজাৰহে চলি আছে । এই বিধেয়ক গৃহীত হ'লে সেই চোৰাং বজাৰ বন্ধ হ’ব ।' সদনত এই দৰে যুক্তি দৰ্শাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীয়ে সদনত আৰু কয় যে, গো হত্যা মানেই হৈছে আমি মানৱতাৰ পৰা পশুত্বলৈ নামি যোৱা । মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- আমি মুছলমান হোৱা বা হিন্দু হোৱা কিমান দিন হৈছে । তাৰ আগৰ পাঁচ হাজাৰ বছৰত আমি কি আছিলো ? অৱশেষত মুখ্যমন্ত্ৰীৰ অকাট্য যুক্তিৰ পিছত সদনত ধ্বনি ভোটৰ মাজেৰে গৃহীত কৰা হয় বহু চৰ্চিত গো সুৰক্ষা বিধেয়ক ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.