গুৱাহাটী, 2 জানুৱাৰীঃ গৃহ কণ্ডলত বিধ্বস্ত অসম গণ পৰিষদ ৷ নেতা আৰু কৰ্মীৰ মাজত অহিনুকুল সম্পৰ্কই দেখা দিছে অসমৰ একমাত্ৰ আঞ্চলিক দলটোত ৷ দলীয় বিবাদেই দলৰ পৰা প্ৰায় এঘৰীয়াৰ দৰে কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৷ এইবাৰ পাল অতুল বৰাৰ ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ পাভ লুটি মাৰি ইতিমধ্যে অসমৰ ৰাইজৰ আস্থা হেৰুৱাইছে অতুল বৰাসহ অগপৰ তিনি মন্ত্ৰীয়ে ৷ এইবাৰ পুনৰ দলীয় কৰ্মীৰ ক্ষোভ, অতুল বৰাৰ মতে নচলে অগপ ৷ কিন্তু কিয় অতুল বৰাৰ প্ৰতি এই বিক্ষোভ দলীয় কৰ্মীৰ !
বৃহস্পতিবাৰে অনুষ্ঠিত হয় অগপৰ মহানগৰ সমিতিৰ এখন বৈঠক ৷ অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ দুৱাৰ বন্ধ থকাত কাৰ্যালয়টোৰ বাৰান্দাতে একত্ৰিত হয় অগপৰ কৰ্মীসকল ৷ তাতেই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে একাংশ সদস্যই ৷ তেওঁলোকৰ মতে, এতিয়া কোনেও সভাপতি বুলি মানি নলয় অতুল বৰাক ৷ গতিকে তেওঁৰ নিৰ্দেশত অগপ দল নচলে ৷ বৰ্তমান সময়ত অগপই সন্মুখীন হোৱা সমস্যাৰ মূলতেই হৈছে অতুল বৰা, ফণী ভুষণ চৌধুৰী আৰু কেশৱ মহন্তৰ দৰে নেতাৰ ক্ষমতালিপ্সা ৷ এই অভিযোগ অগপৰ দলীয় কৰ্মীৰ ৷
উল্লেখ্য যে, প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া অগপৰ সভাপতিৰ আসনত আছিল তেতিয়াৰ পৰাই দলীয় বিসম্বাদে গা-কৰি উঠিছিল অগপত ৷ নেতৃত্বকলৈ খোৱা-কামোৰা কৰাটো আঞ্চলিক দলটোৰ পুৰণা বেমাৰ ৷ বৰ্তমানেও সেই ৰোগৰ পৰা উপশম পোৱা নাই অসম গণ পৰিষদ দলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতেই নগাঁৱত দাবী উঠিছিল প্ৰফুল্ল মহন্তক পুনৰ সভাপতি আসনত অধিষ্ঠিত কৰা ৷ আনহাতে, বৃহস্পতিবাৰে পুনৰ অগপৰ মুখ্য কাৰ্যালয়তে দেখা গ'ল নেতৃত্বৰ বিৰুদ্ধে তৃণমুল কৰ্মীৰ চৰম অনিহা ৷ এতিয়া 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা আঞ্চলিক দলটোৰ ভৱিষ্যৎ কোন দিশে গতি কৰে সেয়া সময়ে নিৰ্ধাৰণ কৰিব ৷
লগতে পঢ়ক - লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ