ETV Bharat / state

Russia Ukraine conflict: সুকলমে স্বদেশ পালেহি আৰু চাৰি অসমৰ ছাত্ৰ - যুদ্ধ বিধ্বস্ত ইউক্ৰেইন

এতিয়াও অশান্ত জৰ্জৰ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন (Russia Ukraine crisis)৷ ৰাছিয়া ইউক্ৰেইনৰ সংকটৰ মাজতে শনিবাৰ আৰু দেওবাৰৰ দিনটোৰ ভিতৰত অসমৰ মুঠ ১০ গৰাকী অসমৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰৰ বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ে সুকলমে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা হৈছে ৷

Russia Ukraine crisis
অশান্ত জৰ্জৰ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন
author img

By

Published : Feb 27, 2022, 9:14 PM IST

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : যুদ্ধ বিধ্বস্ত ইউক্ৰেইন(Russia Ukraine crisis)ৰ পৰা ভাৰত চৰকাৰে উদ্ধাৰ কৰি অনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেওবাৰে সন্ধিয়া সুকলমে নিৰাপদে আহি দিল্লীত উপস্থিত হয় অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী (Ten students from Ukraine reached Assam) । দেওবাৰে সন্ধিয়া ৬:০৫ বজাত আহি দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰা এই চাৰিগৰাকী ছাত্ৰ হ'ল নগাঁৱৰ সমন্বয় কুমাৰ শৰ্মা, নলবাৰীৰ অংশুমান শৰ্মা, কামাখ্যাধামৰ গুণজিৎ কাশ্যপ আৰু নগাঁৱৰ শ্বাহজান হাজৰিকা ।

Russia Ukraine crisis
সুকলমে স্বদেশ পালেহি আৰু চাৰি অসমৰ ছাত্ৰ

এই চাৰিওগৰাকী ছাত্ৰই হৈছে ইউক্ৰেইনৰ টি এন এম ইউত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ । উল্লেখ্য যে, এই পৰ্যন্ত শনিবাৰ আৰু দেওবাৰৰ দিনটোৰ ভিতৰত অসমৰ মুঠ ১০ গৰাকী অসমৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰৰ বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ে সুকলমে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি আনিছে । কিন্তু এতিয়াও যুদ্ধজৰ্জৰ ৰাষ্ট্ৰখনত আৱদ্ধ হৈ আছে অসমৰ বহুসংখ্যক শিক্ষাৰ্থী ।

অসমৰ প্ৰায় এশগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইউক্ৰেইনত অধ্যয়নৰত হৈ আছে বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল ।

আনহাতে, অসমৰ সকলো শিক্ষাৰ্থীকে সুকলমে উদ্ধাৰ কৰি আনিবলৈ অসম চৰকাৰে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে । দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰতো চৌব্বিশ ঘন্টাই সক্ৰিয় কৰি ৰখা হৈছে অসমৰ হেল্প ডেস্ক ।

লগতে পঢ়ক : Russia-Ukraine crisis : পুনৰ ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি ছয় অসমীয়া শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.