ETV Bharat / state

Teachers reaction:সমগ্র শিক্ষাৰ অকৰ্তৃত্বশীল হস্তক্ষেপত অতিষ্ঠ শিক্ষক সমাজ - অকৰ্তৃত্বশীল হস্তক্ষেপত অতিষ্ঠ শিক্ষক সমাজ

শিক্ষা বিভাগটোৰ মাজত যে কোনো ধৰণৰ সমন্বয় নোহোৱাৰ অভিযোগ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ । সমগ্র শিক্ষাই প্রকৃত দায়িত্ব পাহৰি অকৰ্তৃত্বশীলভাৱে শৈক্ষিক ক্ষেত্ৰৰ কেতবোৰ বিষয়তো হস্তক্ষেপ কৰিবলৈ লোৱাত সৃষ্টি হৈছে ক্ষোভ।

Teachers reaction against total education
মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ক্ষোভ
author img

By

Published : Jul 3, 2023, 7:22 PM IST

গুৱাহাটী,৩ জুন:ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত সমগ্র শিক্ষা, অসমৰ কেতবোৰ অকৰ্তৃত্বশীল হস্তক্ষেপ আৰু শিক্ষামন্ত্ৰীৰ গুৰুত্বহীনতাত বাৰুকৈয়ে অসন্তুষ্ট হৈ পৰিছে অসমৰ শিক্ষক সমাজ । উল্লেখযোগ্য যে প্রাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ শৈক্ষিক দিশসমূহ চোৱা-চিতা কৰাৰ বাবে শিক্ষা সঞ্চালকালয় আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আছে । তৎসত্ত্বেও সমগ্র শিক্ষাই তেওঁলোকৰ প্রকৃত দায়িত্ব পাহৰি অকৰ্তৃত্বশীলভাৱে শৈক্ষিক ক্ষেত্ৰৰ কেতবোৰ বিষয়তো হস্তক্ষেপ কৰিবলৈ লোৱাত স্বাভাৱিকতে বিশৃংখলাৰ সৃষ্টি হৈছে শিক্ষা বিভাগত । যাৰ ফলত শিক্ষক সমাজ বিভ্ৰান্ত হৈছে। লগতে একাংশ শিক্ষক ক্ষুব্ধ হৈ পৰিছে ।

মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক গোৱিন্দ চন্দ্ৰ কলিতাই সংবাদমাধ্যমৰ আগত কৰা অভিযোগ মতে, ৰাজ্যৰ শিক্ষা বিভাগটোৰ মাজত যে কোনো ধৰণৰ সমন্বয় নাই সেয়া শেহতীয়াকৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এক টুইটতে স্পষ্ট হৈছে । সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ মৌখিক নির্দেশ মর্মে বিভিন্ন জিলাত বাধ্যতামূলক গ্রীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্রকাশ হোৱাৰ পাছত শিক্ষকসকলৰ মাজত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ পিচতেই শিক্ষামন্ত্রীগৰাকীয়ে এক টুইটযোগে প্রকাশ কৰিলে যে এই নিৰ্দেশ শিক্ষা বিভাগৰ নহয় । শিক্ষামন্ত্ৰীৰ এই টুইটতে স্পষ্ট হৈছে যে বিভাগটোত কোনোধৰণৰ সমন্বয় নাই । যাৰ ফলত বিভ্রান্ত হ'বলগা হৈছে শিক্ষক সমাজ ।

তেওঁ পুনৰ কয় যে শিক্ষা বিভাগৰ শৈক্ষিক কাম-কাজ পৰিচালনা কৰাৰ বাবে সঞ্চালকালয় আছে, জিলাই জিলাই বিদ্যালয় পৰিদৰ্শক আছে । তেনেস্থলত আজি কিছুদিনৰপৰা এনেবোৰ কামত সমগ্র শিক্ষায়ো কেতবোৰ নিৰ্দেশ বিদ্যালয়সমূহক দিবলৈ আৰম্ভ কৰিছে । সমগ্ৰ শিক্ষাৰ মূল কাম হ’ল বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা, বিদ্যালয়সমূহক প্রয়োজনীয় ধন প্রকৃত কামত ব্যয় হৈছে নে নাই সেইবোৰ নিৰ্দ্ধাৰণ কৰা আদি । কিন্তু শেহতীয়াকৈ সমগ্র শিক্ষাই কেতবোৰ শৈক্ষিক কাম-কাজতো হস্তক্ষেপ কৰিবলৈ লোৱাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে ।

তেওঁ কয় যে সমগ্ৰ শিক্ষাৰ কেতবোৰ অবিবেচকী কাম-কাজৰ বাবেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে অৱসৰৰ বহুদিন পাছলৈকে পেন্সনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে । কিয়নো সমগ্র শিক্ষাই আগবঢ়োৱা ধনৰ হিচাপ পৰীক্ষা কৰিবলৈ সৰ্বশিক্ষাই এনে এটা সংস্থাক নিয়োগ কৰিছে যে এই সংস্থাৰ অপৈণত হিচাপ পৰীক্ষকসকলে বিদ্যালয় প্রধানসকলক অতি দুর্ব্যৱহাৰ কৰি যি হিচাপ পৰীক্ষাৰ প্ৰতিবেদন প্রস্তুত কৰে তাক আকৌ গ্রাহ্য নকৰে লোকেল ফাণ্ডে। লোকেল ফাণ্ডে আকৌ নিজাববীয়াকৈ হিচাপ পৰীক্ষা কৰিহে অৱসৰী বিদ্যালয়ৰ প্ৰধানসকলৰ পেন্সনৰ ধন মুকলি কৰি দিয়ে । এই কামৰ বাবে কেতিয়াবা বিদ্যালয় প্রধানসকলে দুবছৰ পর্যন্ত অপেক্ষা কৰিব লগীয়া হয় । শেহতীয়াভাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সম্মিলনীয়ে শিক্ষাসেঁতুৰ কাম পৰিচালনাত অসহযোগ ঘোষণা কৰিছে । লক্ষণীয় যে শিক্ষামন্ত্ৰী পেগুৰ নেতৃত্বত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অৰাজক অৱস্থা চলি থকাক লৈ শিক্ষক সমাজ ক্ষুব্ধ হৈ আছে । আকৌ শিক্ষামন্ত্ৰীৰ কিছু অবিবেচক সিদ্ধান্তই শিক্ষক সমাজক প্ৰতিবাদমুখৰ কৰিছে।

লগতে পঢ়ক:Press Meet of BHP in Guwahati: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ চৰকাৰক আহ্বান BHP নেতাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.