ETV Bharat / state

Teacher Protest: পুৰণি পেঞ্চন নীতিৰে পেঞ্চন প্ৰদানৰ দাবীত চচলত শিক্ষকৰ প্ৰতিবাদ - ড৹ হিমন্ত বিশ্ব শৰ্মা

পুৰণি পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন( OPS) দিয়াৰ ব্যৱস্থা কৰাৰ দাবীৰে চচলত অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

Teachers protest at Chachal
পুৰণি পেঞ্চন নীতিৰে পেঞ্চন প্ৰদানৰ দাবীত চচলত শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Jun 13, 2023, 3:52 PM IST

পুৰণি পেঞ্চন নীতিৰে পেঞ্চন প্ৰদানৰ দাবীত চচলত শিক্ষকৰ প্ৰতিবাদ

গুৱাহাটী, ১২ জুন: ২০১৩ চনত প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন( OPS) দিয়াৰ ব্যৱস্থা কৰাৰ দাবীৰে চচলত অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

সোমবাৰে সদৌ অসম প্ৰাথমিক অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী (নৱ প্ৰাদেশীকৃত) সন্থা আৰু অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী, কৰ্মৰত সমন্বয় সমিতিৰ উদ্যোগত তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লয় ৷ এই প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মৰত শিক্ষকে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদী শিক্ষকসকলে ২০১৩ চনত প্ৰাদেশীকৃত হোৱা প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীক কৰ্মত যোগদান কৰাৰ তাৰিখৰ পৰা গ্ৰেছুইটি প্ৰদান কৰা আৰু পুৰণি পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম প্ৰাথমিক অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী(নৱ প্ৰাদেশীকৃত) সন্থাৰ সভাপতি ধৰণীধৰ তামুলী আৰু প্ৰধান সম্পাদক কন্দৰ্পেশ্বৰ শৰ্মাই কয় যে, যোৱা ২৫/৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি প্ৰাপ্যৰ দাবীত আন্দোলন কৰাৰ পিচত ২০১৩ চনত এতিয়াৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৪১,৬৫৮ টা পদ প্ৰাদেশীকৰণ কৰিছিল।
পদ প্ৰাদেশীকৰণ কৰা শিক্ষকসকলে ২০০৫ ৰ পূৰ্বে কামত যোগদান কৰিছিল । কিন্তু প্ৰাদেশীকৰণ হোৱাৰ পিছত বহু শিক্ষকে দুই বছৰ বা তিনি বছৰ দৰমহা লৈ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু চৰকাৰে নতুন পেঞ্চন আঁচনি জাপি দিয়াৰ ফলত ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ৭,৫০০ গৰাকী শিক্ষক কৰ্মচাৰীয়ে অৱসৰকালীন পেঞ্চন গ্রেছুইটি আদিকে ধৰি কোনো ধৰণৰ সা সুবিধা লাভ কৰা নাই ৷ ফলত এতিয়া একাংশ অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে।

ইফালে যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰো অৱসৰৰ দিন চমু চাপি আহিছে।এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক তেওঁলোকৰ সমস্যা সমধান কৰাৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ নকৰাত এতিয়া হতাশ হৈ পৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকসকল ৷ সেয়ে শিক্ষকসকলৰ বৰ্তমানৰ অবস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৩ চনত প্ৰাদেশীকৃত হোৱা শিক্ষানুষ্ঠানৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে পুৰণি পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হয়, লগতে নতুন পেঞ্চন আঁচনি আঁতৰাই শিক্ষকসকলক উপযুক্ত ন্যায় প্ৰদান কৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ পৰা কেইবাটাও দাবী সম্বলিত এখন স্মৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: Solar powered fencing: দিহিং পাটকাইত স্থাপন হ'ব সৌৰশক্তি চালিত ফেন্সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.