গুৱাহাটী, 23 জুলাই : ক’ৰণা মহামাৰী নিয়ন্ত্ৰনৰ বাবে প্ৰশাসনে যি নীতি-নিৰ্দেশনা জাৰি কৰিছিল সেই নীতি সমূহ চলি থকাৰ মাজতেই ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগে জাৰি কৰিছে জাননী । ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগৰ প্ৰধান সচিবে জাৰি কৰিছে নিৰ্দেশনা । সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে ।
ইপিনে সময়ত অনুষ্ঠিত কৰিব লাগিব নৱম-দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষা । পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছেবাৰ (SEBA) স্বীকৃতি বাতিল কৰা হ'ব । আনহাতে পৰীক্ষা অনুষ্ঠিত নকৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষকে নাপাব দৰমহা । নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত ইতিমধ্যে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
কেবিনেটে গঠন কৰিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ণ কমিটী । নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ’ব ছমহীয়া পৰীক্ষা । আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ’ব বছৰেকীয়া পৰীক্ষা । দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা (Pre Board Exam)।
দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে আৰু প্ৰি-ব’ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত এখন গোপন কমিটীয়ে প্ৰস্তুত কৰিব । পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ’ব । ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়ণৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ তথ্য নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিব লাগিব। আনহাতে পৰীক্ষাৰ মাছুলৰ ক্ষেত্রতো কেতবোৰ নিৰ্দেশনা দিয়া হৈছে ।
ইউনিট টেষ্ট পৰীক্ষাৰ বাবে 15 টকাতকৈ বেছি মাছুল ল'ব নোৱাৰিব । সেইদৰে ছয় মাহিলী পৰীক্ষা নাইবা বছেৰেকীয়া পৰীক্ষাৰ বাবে 70 টকাতকৈ বেছি মাছুল ল'ব নোৱাৰিব । ছপা প্ৰশ্ন কাকতৰ বাবে পৰীক্ষাৰ্থীয়ে দিব লাগিব 28 টকা । উত্তৰ বহী পৰীক্ষাৰ বাবে 28 টকা আৰু অন্যান্য সামগ্ৰীৰ বাবে দিব লাগিব 10 টকা ।