ETV Bharat / state

সময়ৰ চাকনৈয়া: একালৰ শিল্পী, শিক্ষক আজি পদপথৰ ব্যৱসায়ী - লক ডাউন

লক ডাউনে সলনি কৰিছে একাংশ লোকৰ জীৱিকা নিৰ্বাহৰ পথ ৷ মহানগৰীৰ পদপথৰ ব্যৱসায়ীলৈ ৰূপান্তৰিত হোৱা শিল্পী-শিক্ষকৰ জীৱন কাহিনীয়ে হৃদয় চুই যাব সকলোৰে ৷ লক ডাউনৰ ফলত বৰ্তমান বিপৰ্যস্ত হৈছে ৰাজ্যৰ প্ৰায় সকলো লোকৰে জীৱিকা নিৰ্বাহৰ পথ ৷

Teacher and artist facing problem during lock down guwahati kamrup metro assam etv bharat news
লক ডাউনৰ প্ৰভাৱ
author img

By

Published : Jun 2, 2020, 7:03 PM IST

গুৱাহাটী,2 জুন: লক ডাউনে বিপৰ্যস্ত কৰিছে সৰ্বসাধাৰণৰ জীৱন ৷ জীৱন-জীৱিকাৰ তাড়নাত দিকবিদিক হেৰুওৱাৰ উপক্ৰম হৈছে ৰাজ্যৰ একাংশ শিল্পী তথা শিক্ষকৰ ৷ মহানগৰীৰ মঠঘৰীয়াত দেখিবলৈ পোৱা যায় এনে এক হৃদয় বিদাৰক দৃশ্য ৷ জীৱিকাৰ তাড়নাত সংগ্ৰামত ব্যস্ত হৈছে মহানগৰীৰ নৰেন শৰ্মা নামৰ এগৰাকী শিল্পী ৷ উল্লেখ্য যে,বিগত সময়ছোৱাত বহুকেইখন চলচিত্ৰ তথা ধাৰাবাহিকত অভিনয় কৰি দৰ্শকক আমোদ দিয়াৰ লগতে পৰিয়াল পোহপাল দিছিল শিল্পীগৰাকীয়ে ৷ কিন্তু দীৰ্ঘদিনীয়া লক ডাউনে বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে শিল্পী গৰাকীৰ জীৱনত ৷ বৰ্তমান পৰিয়াল পোহপাল দিবলৈ শিল্পীগৰাকীৰ হাতত নাই সাঁচতীয়া ধন ৷ সেয়ে জীৱিকা নিৰ্বাহৰ উদ্দেশ্যে শিল্পী গৰাকীয়ে সলনি কৰিছে উপাৰ্জনৰ পথ ৷ মহানগৰীৰ পদপথত পাচলি বিক্ৰীৰে জীৱন যুঁজত অৱতীৰ্ণ হৈছে শিল্পী গৰাকী ৷

লক ডাউনৰ প্ৰভাৱ

আনহাতে,একে সমস্যাৰ সন্মুখীন হৈছে মহানগৰীৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষক । লক ডাউনৰ ফলত বিদ্যালয় বন্ধ থকাৰ বাবে শিক্ষক গৰাকীয়ে লাভ কৰা নাই বেতন ৷ যাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছে শিক্ষক গৰাকী ৷ সেয়ে ৰাজধানী গুৱাহাটীৰ মঠঘৰীয়াত এখন অস্থায়ী চাহৰ দোকান খুলি পৰিয়াল পোহপাল দিছে শিক্ষক গৰাকীয়ে ৷

শিল্পী পৰিণত পাচলি ব্যৱসায়ীলৈ

লগতে চাওকঃ সোণাৰিত বৃদ্ধি হস্তী-মানৱৰ সংঘাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.