ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল মাত্ৰ ৫০ টকা !

author img

By

Published : Feb 25, 2021, 2:27 PM IST

দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল মাত্ৰ ৫০ টকা । চৰকাৰে মাত্ৰ ৫০ টকা বঢ়াই দিয়া সিদ্ধান্তক গৰিহণা চাহ জনগোষ্ঠীয় নেতাসকলৰ ।

চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল মাত্ৰ ৫০ টকা:ক্ষুব্ধ চাহ জনগোষ্ঠীয় নেতা

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপিত হৈ অহাৰ পিছত ৰাজ্য চৰকাৰেও ঘোষণা কৰিছিল যে শীঘ্ৰে এই দাবী মানি লোৱা হ'ব । আনকি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে গুৱাহাটীলৈ আহি যিখন বিশাল সভাত ভাগ লৈ চাহ শ্ৰমিকক তিনি হাজাৰ টকাকৈ নগদ ধন বিতৰণ কৰিছিল, সেইখন সভাতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সমুখত বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চৰকাৰে শীঘ্ৰে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ দ্বাৰা লাখ লাখ চাহ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙি উঠিব । সেই অনুসৰি মজুৰি বৃদ্ধিৰ বাবে চৰকাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জে বি এক্কাক লৈ এখন কমিটিও গঠন কৰি দিছিল ।

কিন্তু সেই কমিটিয়ে শেহতীয়াকৈ মজুৰি বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া দেখিলে চকু কপালত উঠিব আপোনাৰো । শ্ৰম বিভাগৰ প্ৰধান সচিব জে বি এক্কাই ২৩ ফেব্ৰুৱাৰীত জাৰি কৰা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নিৰ্দেশৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ হাতত । সেই নিৰ্দেশ মৰ্মে বৰ্তমানে চাহ শ্ৰমিক সকলে লাভ কৰি থকা মজুৰিৰ সৈতে মাত্ৰ ৫০ টকাহে অন্তৰ্ৱৰ্তীকালীন সকাহ হিচাপে যোগ কৰা হৈছে । ফলত এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে ৩২১ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকে ২৯৯ টকাকৈ মজুৰি লাভ কৰিব । কাৰ্যতঃ ৩৫১ টকাৰ দাবী কেৱল দাবী হৈয়ে থাকিল ।

চৰকাৰৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অসম চাহ মজদুৰ সংঘকে ধৰি চাহ জনগোষ্ঠীয় নেতাসকল । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা চাহ মজদুৰ সংঘৰ নেতা এতোৱা মুণ্ডাই কয় যে এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰে আকৌ এবাৰ চাহ শ্ৰমিকক প্ৰতাৰণা কৰিলে । চৰকাৰৰ এই ৫০ টকা বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক:আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.