ETV Bharat / state

তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ : বিপুল গগৈয়ে ক’লে বহু কথা

author img

By

Published : Dec 2, 2020, 7:48 PM IST

বুধবাৰে দিছপুৰস্থিত চৰকাৰী বাসগৃহত সম্পন্ন হ’ল সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দহা । দিছপুৰৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ ৷ অসম সচিবালয়ৰ পাৰ্কিং ক্ষেত্ৰত অভ্যাগত, গুণমুগ্ধ, অতিথি সকলৰ বাবে তৰা হৈছে বিশাল ৰভা । ইয়াতে গুণমুগ্ধ সকলে কাইলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলিও যাচিব পাৰিব ।

tarun gogoi's untold story told by SPO bipul gogoi

গুৱাহাটী, ২ নৱেম্বৰ : সম্পূৰ্ণ মাংগলিক নিয়মেৰে আৰু সীমিত সংখ্যক লোকৰ উপস্থিতিত বুধবাৰে দিছপুৰস্থিত চৰকাৰী বাসগৃহত সম্পন্ন হ’ল সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দহা । বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব তেওঁৰ আদ্যশ্ৰাদ্ধ । ইতিমধ্যে আদ্যশ্ৰাদ্ধৰ বাবে সকলো যা-জোগাৰ সম্পূৰ্ণ কৰি তোলা হৈছে । দিছপুৰৰ চৰকাৰী বাসগৃহতে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ’ব যদিও অসম সচিবালয়ৰ পাৰ্কিং ক্ষেত্ৰত অভ্যাগত, গুণমুগ্ধ, অতিথি সকলৰ বাবে তৰা হৈছে বিশাল ৰভা । ইয়াতে গুণমুগ্ধ সকলে কাইলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলিও যাচিব পাৰিব ।

ইটিভি ভাৰতৰ আগত আদ্যশ্ৰাদ্ধ আয়োজন সন্দৰ্ভত মন্তব্য কৰি এই কথা জানিবলৈ দিয়ে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এছ পি অ’ তথা জীৱিত কালত তেওঁৰ সৈতে ছাঁৰ দৰে লাগি থকা বিপুল গগৈয়ে । আনহাতে, বিপুল গগৈয়ে আজি আন এক তথ্যও ৰাজহুৱা কৰে । যি হয়তো বহু অসমবাসীৰ বাবে আজিও অজ্ঞাত ।

চৰকাৰী বাসগৃহত সম্পন্ন হ’ল সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দহা

তেওঁ কয় যে যোৱা সময়চোৱাত গগৈ যেতিয়া সুস্থ হৈ আছিল, সেই সময়তে দেশ জুৰি লক্ ডাউন চলিছিল । সেই লক্ ডাউনতে সমগ্ৰ দেশৰ লগতে বিদেশতো আৱদ্ধ হৈ পৰিছিল বহুসংখ্যক অসমৰ লোক । মাতৃভূমিৰ পৰা দূৰৈত থাকি কঠোৰ পৰিশ্ৰমেৰে ভাতমুঠি মোকলোৱা এই সকল অসমৰ লোকৰ বহুতৰে ওচৰত থিয় দি ব্যক্তিগত ভাৱে আৰ্থিক সহায় আগবঢ়াইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰে এজনো লোক গগৈৰ পূৰ্ব পৰিচিত নাছিল ।

বিপুল গগৈয়ে ক’লে তৰুণ গগৈৰ বহু কথা

ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা বিপদত পৰা লোকে ফোন কৰিলেই তেনে আৰ্তজনৰ বেংক একাউন্টত গগৈয়ে জমা কৰি দিছিল টকা । আশ্চৰ্যজনক যে, সেই সকল লোকলৈ টকা পঠিয়াবলৈ একেলগে বহুকেইখন চেকত চহী কৰি সেই চেক বহী গগৈয়ে তুলি দিছিল তেওঁৰ অত্যন্ত বিস্বাসী বিপুল গগৈৰ হাতত । দিনৰ পিছত দিন বেংকত বহি লৈ একেলগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ একাউন্টৰ পৰা সেই ধনৰাশি বিপুল গগৈয়ে ট্ৰেঞ্চফাৰ কৰি দিছিল ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা অসমৰ বহু লোকৰ একাউন্টলৈ ।

লগতে পঢ়ক : নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.