ETV Bharat / state

তৰুণ গগৈৰ অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছে জি এম চি এইচ

author img

By

Published : Nov 23, 2020, 5:06 PM IST

আজি স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ পুৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে জি এম চি এইচত উপস্থিত হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,অকণ বৰা,বিস্মিতা গগৈ,সাংসদ প্ৰদ্যুৎ বৰদলৈ,স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসকে ধৰি বহু গুণমুদ্ধ ৷

as_ghy_01_tarun_gogoi_img_7206058
তৰুণ গগৈৰ অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছে জি এম চি এইচ

গুৱাহাটী, 23 নৱেম্বৰঃ দল,মত, নীতি-আদৰ্শ নিৰ্বিশেষে অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । প্ৰিয় নেতাজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিয়ে প্ৰতিজন গুণমুগ্ধক শোকদগ্ধ কৰি তুলিছে । দেওবাৰতকৈও আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে । পিতৃৰ সৈতে অহৰ্নিশে ব্যস্ত হৈ আছে পুত্ৰ গৌৰৱ গগৈ,কন্যা চন্দ্ৰিমাকে ধৰি তৰুণ গগৈৰ পত্নী, বোৱাৰীও ৷

পুৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে জি এম চি এইচত উপস্থিত হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অকণ বৰা, বিস্মিতা গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসকে ধৰি বহু গুণমুদ্ধ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পৰা ৰাজনীতিৰ বিষয়ে বহু কথাই শিকিছিল বুলি মন্তব্য কৰি তৰুণ গগৈ তেখেতৰ বাবে পিতৃতূল্য ব্যক্তি বুলি মন্তব্য কৰে ৰঞ্জিৎ দাসে ৷

আনহাতে, নিজৰ সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

লগতে পঢ়ক-ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.