ETV Bharat / state

প্ৰসংগ ৰাজ্যসভাৰ নিৰ্বাচনঃ হিমন্ত বিশ্বৰ বিৰুদ্ধে আক্ৰমণাত্বক তৰুণ গগৈ - ৰাজ্যসভাৰ নিৰ্বাচন

'বিজেপি আৰু এ আই ইউ ডি এফে ৰাজ‍্যসভা নিৰ্বাচনৰ বাবে পূৰ্বতে জয়ন্ত বৰুৱাক প্ৰাৰ্থীত্ব দিছিল কিন্তু এতিয়া আমি উমৈহতীয়া ভাৱে প্ৰাৰ্থীত্ব দিয়াৰ বাবে সমালোচনা কৰিছে। এইটো অতি লজ‍্জাজনক কথা আৰু তেওঁলোকৰ মতে যদি এ আই ইউ ডি এফ গ্ৰহণযোগ্যই নহয় তেন্তে দলৰ স্বীকৃতি কিয় দিছে বুলি ওলোটাই প্ৰশ্ন কৰে গগৈয়ে।

TARUN GOGOI VS HIMANTA BISWA SARMA
হিমন্ত বিশ্বৰ বিৰুদ্ধে আক্ৰমণাত্বক তৰুণ গগৈ
author img

By

Published : Mar 3, 2020, 10:34 PM IST

গুৱাহাটী, 3 মাৰ্চঃ এ আই ইউ ডি এফেৰে মিত্ৰতাক লৈ বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰাক লৈ প্ৰতিক্ৰিয়া ব‍্যক্ত কৰিছে প্ৰাক্তন মুখ‍্যমন্ত্ৰী তৰুণ গগৈয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, 'বিজেপি আৰু এ আই ইউ ডি এফে ৰাজ‍্যসভা নিৰ্বাচনৰ বাবে পূৰ্বতে জয়ন্ত বৰুৱাক প্ৰাৰ্থীত্ব দিছিল কিন্তু এতিয়া আমি উমৈহতীয়া ভাৱে প্ৰাৰ্থীত্ব দিয়াৰ বাবে সমালোচনা কৰিছে। এইটো অতি লজ‍্জাজনক কথা আৰু তেওঁলোকৰ মতে যদি এ আই ইউ ডি এফ গ্ৰহণযোগ্যই নহয় তেন্তে দলৰ স্বীকৃতি কিয় দিছে বুলি ওলোটাই প্ৰশ্ন কৰে গগৈয়ে।

আনহাতে প্ৰাৰ্থী কাক দিব এই প্ৰসংগত গগৈয়ে কয় যে, প্ৰাৰ্থীতো বহু ওলাইছে কিন্তু আমি কাক প্ৰাৰ্থীত্ব দিম এতিয়ালৈকে চূড়ান্ত কৰা নাই । লগতে তেওঁ কয় যে, তেওঁলোকৰ তৃতীয়গৰাকী প্ৰাৰ্থী হাৰিব বুলি ভয় খাইছে হিমন্তই ।

হিমন্ত বিশ্বৰ বিৰুদ্ধে আক্ৰমণাত্বক তৰুণ গগৈ
উল্লেখ‍্য যে, ২৬ মাৰ্চত হ'ব লগা ৰাজ‍্যসভা নিৰ্বাচনৰ বাবে দুখন আসনত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো প্ৰায় নিশ্চিত কিন্তু তৃতীয় গৰাকী প্ৰাৰ্থী নিৰ্বাচিত কৰাত বিৰোধীয়ে বিশেষ ভূমিকা ল'ব। এতিয়ালৈকে বিৰোধীৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাত জুবিন গাৰ্গ, জয়ন্ত বৰুৱা, জাহ্নু বৰুৱাৰ আদিৰ নাম আহিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.