ETV Bharat / state

নতুন ৰাজনৈতিক দল গঠনৰ পক্ষপাতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ - নতুন ৰাজনৈতিক দল গঠনৰ পক্ষপাতি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কংগ্ৰেছৰ ক্ষতি হ'লেও নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে নতুন ৰাজনৈতিক দল গঠনত সমৰ্থন আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকলোকে লগত লৈ কংগ্ৰেছ দল আগুৱাই যাব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।

tarun gogoi view
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Jan 6, 2020, 5:11 PM IST

গুৱাহাটী, 6 জানুৱাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে চৰ্চা চলিছে এক নতুন ৰাজনৈতিক দলৰ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বিভিন্ন আন্দোলনত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে প্ৰায়ে উত্থাপন কৰিছে নতুন ৰাজনৈতিক দলৰ প্ৰসংগ ৷ সোমবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল যোগে নতুন ৰাজনৈতিক দলৰ প্ৰসংগত কয় যে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ যদি ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন হয় তেন্তে ইয়াৰ প্ৰতি তেওঁৰ সমৰ্থন আছে ৷ ৰাজ্যত বিজেপি আৰু অগপক হৰুৱাবলৈ যদি নতুন ৰাজনৈতিক দল গঠন হয় আৰু এই দলে কংগ্ৰেছ দলৰ ক্ষতি কৰিলেও তেওঁৰ কোনো আপত্তি নাই ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

তৰুণ গগৈয়ে লগতে কয় যে "জাতি-মাটি-ভেঁটি ৰক্ষা কৰা বিজেপি চৰকাৰখনে সকলো শেষ কৰিলে, এতিয়া এই চৰকাৰখনক শাসনৰ পৰা আঁতৰাব লাগিব ৷ কংগ্ৰেছ দল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকলো ৰাজনৈতিক দলক লগত লৈ আগুৱাই যাব ৷" কিছুদিন পূৰ্বে মহানগৰীৰ খানাপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনত মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰিলে কংগ্ৰেছ দলে সমৰ্থন জনাব বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছ দলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন নকৰে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি তৰুণ গগৈয়ে জে.এন.ইউত ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চলা আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে বিজেপি চৰকাৰৰ দিনত দেশৰ আইন-শৃংখলাৰ শোচনীয়ভাৱে অৱনতি ঘটিছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃএ.পি.জে আব্দুল কালামৰ বায়পিকত অভিনয় কৰিব পৰেশ ৰাৱলে

Intro:কংগ্ৰেছৰ ক্ষতি হ'লেও নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে নতুন ৰাজনৈতিক দল গঠনৰ পক্ষপাতি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকলোকে লগত লৈ আগুৱাই যাব কংগ্ৰেছ দল।

Body:ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যহত থকাৰ মাজতে চৰ্চা চলিছে এক নতুন ৰাজনৈতিক দলৰ। 'কা' বিৰোধী বিৰোধী বিভিন্ন আন্দোলনত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে প্ৰায়ে উত্থাপন কৰিছে নতুন ৰাজনৈতিক দলৰ প্ৰসংগ। আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল নতুন ৰাজনৈতিক দলৰ প্ৰসংগত কয় যে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ যদি ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন হয় তেন্তে ইয়াৰ প্ৰতি তেওঁৰ সমৰ্থন আছে। ৰাজ্যত বিজেপি আৰু এ জি পিক হৰুৱাবলৈ যদি নতুন ৰাজনৈতিক দল গঠন হয় আৰু এই দলে কংগ্ৰেছ দলৰ ক্ষতি কৰিলেও তেওঁৰ কোনো আপত্তি নাই। গগৈয়ে আৰু কয় যে জাতি, মাটি, ভেটি ৰক্ষা কৰা বিজেপি চৰকাৰখনে সকলো শেষ কৰিলে, এৰিয়া এই চৰকাৰখনক শাসনৰ পৰা আঁতৰাব লাগিব। কংগ্ৰেছ দল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকলো ৰাজনৈতিক দলক লগতলৈ আগুৱাই যাব। কিছুদিন পূৰ্বে মহানগৰীৰ খানাপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনত মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰিলে কংগ্ৰেছ দলে সমৰ্থন জনাব বুলি কৰা মন্তব্যক সমালোচনা কৰি গগৈয়ে কয় হিমন্ত বিশ্ব শৰ্মা এজন ৪২০ মানুহ। হিমন্তই সদায় মিছা কথাই কৈ আহিছে। কংগ্ৰেছ দলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন নকৰে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:গগৈয়ে জে এন ইউত ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চলা আক্ৰমণ তীব্ৰ গৰিহণা দিয়াৰ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত দেশৰ আইন-শৃংখলাৰ শোচনীয় ভাবে অৱনতি ঘটিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.