গুৱাহাটী,22 মেঃ 1 জুনৰ পৰা দেশত প্ৰতিদিনে চলাচল কৰিব ২০০খন যাত্ৰীবাহী ৰে'ল । এই ৰে'লযোগে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক তথা অন্যান্য লোকসকল নিজ নিজ ৰাজ্যলৈ উভতি যাব পাৰিব । ৰে'ল মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি অসমত চলাচল কৰিব তিনিখন যাত্ৰীবাহী ৰে'ল ।
ৰে'ল মন্ত্ৰণালয়ৰ এই সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । অসমত অতি কমেও ১৫খন ৰে'ল চলাচল কৰাৰ দাবী উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ ফলত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকল উপকৃত হ'ব বুলি জনায় তৰুণ গগৈয়ে । এই অনুৰোধেৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীযুষ গোৱেললৈ এখন পত্ৰ প্ৰেৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক- মোডী 2.0ৰ এবছৰঃ কিছু মূল প্ৰতিশ্ৰুতি আৰু সিদ্ধান্তত আলোকপাত