ETV Bharat / state

বিজেপিৰ মন্ত্ৰীসকল বদনৰ বংশধৰ !!

author img

By

Published : Dec 2, 2019, 11:11 PM IST

বিজেপিৰ মন্ত্ৰী সকলক বদনৰ বংশধৰ বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদন বৰফুকনকো চেৰাই যাব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

কটু বাক্যৰে সমালোচনা বিজেপিক
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

গুৱাহাটী, 2 ডিচম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেল সম্বোধন কৰি বিজেপিক কটু বাক্যৰে সমালোচনা কৰে ৷ 'বিজেপিয়ে জ্বলা জুইত অধিক ঘিঁউ ঢলাৰ দৰে অসমত অধিক অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

'বিজেপিয়ে জ্বলা জুইত অধিক ঘিঁউ ঢলাৰ দৰে অসমত অধিক অশান্তি সৃষ্টি কৰাৰ অভিযোগ

গগৈৰ মতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ উন্নয়নৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যিদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে পদক্ষেপ গ্ৰহণ নকৰাটো সোণোৱালৰ দুৰ্বলতা ৷

ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰাটো সোণোৱালৰ দুৰ্বলতা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ গৌৰৱ কৰা অমিত শ্বাহে এতিয়া ওলোটা খৰ মাৰিছে বুলি কোৱাৰ লগতে নাগৰিকপঞ্জীৰ কাম ৰূপায়নত বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হৈছে বুলিও কয় ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ গৌৰৱ কৰা অমিত শ্বাহে এতিয়া ওলোটা খৰ মাৰিছে

অসমত বসবাস কৰা লোকৰ ক্ষেত্ৰতেই নাগৰিকপঞ্জী সফলতাৰে ৰূপায়ন কৰাত বিফল হোৱা চৰকাৰখনে সমগ্ৰ দেশত কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিব বুলি প্ৰশ্ন কৰে গগৈয়ে ৷ পশ্চিম বংগত তিনিটা বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দল তিনিওটা সমষ্টিতে পৰাজিত হৈছে ৷ ইয়াৰ লগতে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰাত বিজেপি বিফল হ'ব বুলিও আগজাননী দিয়ে ৷

সমগ্ৰ দেশত কেনেকৈ নাগৰিকপঞ্জী ৰূপায়ন কৰিব, প্ৰশ্ন তৰুণ গগৈৰ

বিজেপিৰ মন্ত্ৰী সকলক বদনৰ বংশধৰ বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদন বৰফুকনকো চেৰাই যাব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

বিজেপিৰ মন্ত্ৰী সকলক বদনৰ বংশধৰ আখ্য

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

Intro:বিজেপিয়ে অসমত অশান্তি আনিব বিচাৰিছে। জলা জুইত আৰু বেছি ঘিউ ঢালিছে বিজেপিয়ে। ৰাজ্যৰ বিজেপিৰ মন্ত্ৰী সকল বদনৰ বংশধৰ। বিজেপি তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

Body:কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক আক্ৰমণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰচকীয়ে কয় অসম বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা সময়ত বিজেপিয়ে অসমত অধিক অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাইছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে জলা জুইত ঘিউ ঢালি অসম ধ্বংস কৰাৰ প্ৰয়াস কৰিছে। কেন্দ্ৰৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ উন্নয়নৰ লগতে ৰাজ্যৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত যিদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে পদক্ষেপ গ্ৰহণ নকৰাটো মুখ্যমন্ত্ৰীৰ দুৰ্বলতা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছত নাগৰিকপঞ্জীখনকলৈ গৌৰৱ কৰা অমিত শ্বাহই এতিয়া ওলোটা খৰ মাৰিছে বুলি মন্তব্য প্ৰকাশ কৰি গগৈয়ে কয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ৰূপায়নত সম্পূৰ্ণ বিফল হৈছে বিজেপি চৰকাৰখন। অসমৰ ৩ কোটি মানুহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সফলতাৰে ৰূপায়ন কৰাত বিফল হোৱা চৰকাৰখনে সমগ্ৰ দেশত কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিব বুলি প্ৰশ্ন কৰে গগৈয়ে। পশ্চিম বংগত তিনিটা বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলে তিনিওটা সমষ্টিত পৰাজিত হৈছে। সমগ্ৰ দেশত বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰূপায়ন কৰাত বিফল হ'ব বুলি ভৱিষ্যতবাণীও কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:নাগৰিকত্ব সংশোধনী বিধেয়কখনকলৈ ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰা স্থিতিৰ বাবে তৰুণ গগৈয়ে বিজেপি নেতা সকলক বদনৰ বংশধৰ বুলি অভিহিত কৰে। গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদনতকৈ ওপৰত বুলিও মন্তব্য কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.