গুৱাহাটী,23 নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰদান কৰা হৈছে মিউজিক থেৰাপী ৷ সোমবাৰে পুৱাৰে পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক হেডফোনৰ জৰিয়তে শুনোৱা হৈছে তেখেতৰ প্ৰিয় শিল্পী ভূপেন হাজৰিকাৰ বিভিন্ন কালজয়ী গীত, নামঘোষাৰ লগতে গগৈৰ প্ৰিয় নেতা ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ বিভিন্ন ভাষণ ৷ দুদিন পূৰ্বে তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়তেই সংগীত শিল্পী জুবিন গাৰ্গে মিউজিক থেৰাপীৰ পৰামৰ্শ দিয়া বুলি জনায় সাংসদ গৌৰৱ গগৈয়ে ৷ ইয়াৰ লগতে পিতৃৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনোৱা সকলো ৰাইজ আৰু জি এম চি এইচৰ চিকিৎসককো ধন্যবাদ জ্ঞাপন কৰে গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে, আজি স্বাস্থ্যৰ অধিক অৱনতি ঘটে তৰুণ গগৈৰ ৷ 6 ঘন্টা ডায়েলাইচিছ কৰাৰ উপৰিও 2 ইউনিট তেজো দিয়া হয় তেখেতক ৷ আনহাতে, সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়ৰ পৰা জি এম চি এইচ অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
লগতে পঢ়ক-থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা