ETV Bharat / state

আকৰ্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰেক্ষাপট - তামুলপুৰ বিধানসভা সমষ্টি

ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল । অন্যতম আকর্ষণীয় ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী কুছকাৱাজ ।

bye election
আকৰ্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰেক্ষাপট
author img

By

Published : Sep 10, 2021, 5:13 PM IST

গুৱাহাটী, ১০ ছেপ্তেম্বৰ : ৰাজ্যৰ ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল । সকলো ব্যস্ত হৈ পৰিছে অংকত । ইয়াৰে অন্যতম আকর্ষণীয় ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী কুছকাৱাজ ।

সমষ্টিটোক প্রতিনিধিত্ব কৰা ইউ পি পি এল (UPPL) দলৰ বিধায়ক তথা প্রাক্তন ৰাজহ চক্র বিষয়া লেহোৰাম বড়ো ক’ভিডত (Covid) আক্রান্ত হৈ অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱাৰ লগে লগে বিগত কেইমাহমান ধৰি বিধায়কবিহীন হৈ আছে সমষ্টিটো । এসময়ত বি পি এফৰ (BPF) অন্যতম দুর্গৰূপে পৰিচিত সমষ্টিটোৰ বি পি এফৰ প্রার্থী ৰঞ্জা খুংগুৰ বসুমতাৰীয়ে বিগত বিধানসভা নির্বাচনৰ প্রাকঃক্ষণত নিজ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে একপ্রকাৰে ইউ পি পি এলৰ দখলত যোৱা সমষ্টিটোৱে ৰাজনৈতিক মহলত বিশেষ চর্চা লাভ কৰি আহিছে ।

Emmanuel Musahari
আকৰ্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰেক্ষাপট

কিন্তু সম্প্রতি বি পি এফ দলে বিজেপিৰে চামিল হোৱাৰ ইংগিত দি দলীয় প্রার্থিত্ব প্রক্ষেপ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে সমষ্টিটোৱে গতি কৰিছে আন এক দিশলৈ । সমষ্টিটো বিজেপি দলে মিত্রদল ইউ পি পি এলক এৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে প্রমোদ বড়ো নেতৃত্বাধীন দলটোৰ ভিতৰচ’ৰাত প্রার্থিত্বকেন্দ্রিক সংঘাতে উকমুকনি দিয়াৰ সম্ভাৱনাই দেখা দিছে ৷ সমষ্টিটোৰ পৰা এইবেলি নির্বাচনত ইউ পি পি এল দলৰ পৰা কেইবাজনো শীর্ষ তথা যুৱ নেতাই প্রার্থিত্ব বিচাৰি দলৰ শীর্ষ মহলৰ দৃষ্টি আকর্ষণ কৰাৰ প্রচেষ্টাত ব্রতী হৈছে ।

এইসকলৰ ভিতৰত দৰঙাজুলি ব্লক ইউ পি পি এলৰ উপ-সভাপতি জলেন দৈমাৰী, তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী, সাধাৰণ সম্পাদক ফলিন্দ্র নার্জাৰী, কেন্দ্রীয় কার্যনির্বাহক ৰাফেল দৈমাৰী, সক্রিয় সদস্য যতীন মুছাহাৰী, ব্যৱসায়ী সোণেশ্বৰ বড়ো আদি অন্যতম । ইয়াৰে কোনগৰাকী নেতাই শেষ পর্যায়ত প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হ’ব তাৰ প্রতি দৃষ্টি নিবব্ধ হৈ আছে সমষ্টিটোৰ ৰাজনৈতিক মহলৰ ।

ইপিনে দুবাৰৰ বিধায়ক তথা বি পি এফৰ প্রাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বি পি এফৰ সংগ ত্যাগ কৰি বিজেপিত যোগদান কৰিয়েই সমষ্টিটোৰ ভিন্ন প্রান্তত গেৰুৱা দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ লগতে বিগত নির্বাচনত বিজেপিৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ আছিল ৷ কিন্তু দলটোৱে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ সৈতে মিত্রতাত আবদ্ধ হোৱাৰ সূত্রে সমষ্টিটোত দলীয় প্রার্থী থিয় কৰোৱা নাছিল ৷

Bhaskar Dahal

যাৰবাবে টিকট বঞ্চিত হৈয়ো মিত্রদলক সম্পূর্ণ সহযোগিতা আগবঢ়াইছিল মুছাহাৰীয়ে । সমষ্টিটোত পুনৰ হ’ব লগা উপ-নির্বাচনৰ (Bye election) বাবে দলীয় প্রার্থীৰূপে অৱতীর্ণ হোৱাৰ মন মেলিছিল মুছাহাৰীয়ে । কিন্তু শেহতীয়াভাৱে মিত্রদল ইউ পি পি এলক সমষ্টিটো এৰি দিয়াৰ কথা হাইকামাণ্ডে ঘোষণা কৰাৰ লগে লগে প্রাক্তন বিধায়কগৰাকীয়ে প্রার্থিত্ব লাভ নকৰাটো নিশ্চিত হৈ পৰিল ।

যাৰ বাবে দলীয় টিকটৰ আশা বাদ দি নির্দলীয় প্রার্থীৰূপে থিয় দিয়াৰ মন মেলিছে তেওঁ । প্রাক্তন বিধায়ক হোৱাৰ সুবাদতে সমষ্টিটোত তেওঁৰ এতিয়াও ভেটি মজবুত আছে । যাৰ বাবে তেওঁ একাংশ সমর্থকক লগত লৈ সমষ্টিটোৰ ভিন্ন প্রান্তত তৎপৰ হৈ পৰিছে ।

একাংশ বিজেপি কর্মী তথা বি পি এফৰ প্রাক্তন বহু নেতা-কর্মীৰ সৈতে এতিয়াও মধুৰ সম্পর্ক আছে প্রাক্তন বিধায়কগৰাকীৰ । তেনেস্থলত আসন্ন উপ-নির্বাচনত নির্দলীয় প্রার্থীৰূপে থিয় দি মুছাহাৰীয়ে প্রতিদ্বন্দ্বীৰ অংকত আউল লগোৱাৰ সম্ভাৱনা আছে । আনহাতে কংগ্রেছ দলৰ পৰা এইবেলি সমষ্টিটোত দলটোৰ সম্পাদক তথা গোর্খা জনগোষ্ঠীৰ নেতা ভাস্কৰ দাহালে প্রার্থিত্ব লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে ।

দাহালেও সমষ্টিটোৰ ভিন্ন প্রান্তত তৎপৰতা আৰম্ভ কৰিছে । এনে প্রেক্ষাপটত প্রাক্তন বিধায়ক মুছাহাৰী আৰু ভাস্কৰ দাহালে মিত্রদলৰ সমীকৰণ ওলট-পালট কৰাৰ সম্ভাৱনাই দেখা দিছে । অৱশ্যে কিছুদিনৰ পাছতে সকলো কথা স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.