ETV Bharat / state

কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

মহানগৰীৰৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিনে বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ গগৈৰ দেহত সম্প্ৰতি দেখা দিছে কৰ’ণা ভাইৰাছৰ লক্ষণে ৷ অসুস্থ নেতাগৰাকীক চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰ নতুবা কাৰাগাৰ কৰ্তৃপক্ষই ৷

symptoms of corona virus are found in akhil gogoi in jail guwahati assam etv bharat news
কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ
author img

By

Published : Jul 6, 2020, 12:37 PM IST

গুৱাহাটী,6 জুলাই: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ গোচৰত দীৰ্ঘদিনে কাৰাগাৰত আবদ্ধ হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত সম্প্ৰতি আবদ্ধ হৈ থকা গগৈৰ দেহত দেখা দিছে কৰ’ণা ভাইৰাছৰ লক্ষণে ৷ ফলত অসুস্থ হৈ পৰিছে কৃষক নেতাগৰাকী ৷ শেহতীয়াভাৱে প্ৰাপ্ত তথ্য অনুসৰি,গগৈৰ শাৰিৰীক অৱস্থা উন্নত নোহোৱা স্বত্বেও লাভ কৰা নাই কোনো উপযুক্ত চিকিৎসা ৷

কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ

সম্প্ৰতি এনে পৰিস্থিতিত অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ পৰোক্ষভাৱে সোণোৱাল চৰকাৰে নেতাগৰাকীক হত্যাৰ চেষ্টা চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত থকা দেৱব্ৰত শইকীয়াই । পূৰ্বতেও নেতাগৰাকী কেইবাবাৰো অসুস্থ হৈ পৰিছিল যদিও চৰকাৰ নাইবা কাৰাগাৰ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত ৰাইজৰ প্ৰতিবাদ আৰু সমালোচনাৰ ওচৰত শিৰনত হৈ চৰকাৰে নেতাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল ৷ ইফালে অখিল গগৈৰ পত্নীয়ে বৰ্তমানৰ পৰিস্থিতিৰ লগতে নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত ছ’চিয়েল মেডিয়াত এক পষ্ট আপলোড কৰে ৷

লগতে চাওকঃ বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.