ETV Bharat / state

Elvis Ali Hazarika creates history : ইংলিচ চেনেল সাঁতুৰি ইতিহাস সৃষ্টি এলভিছ আলী হাজৰিকাৰ - Swimmer Elvis Ali Hazarika cross English Channel

প্ৰথমগৰাকী অসমীয়া হিচাপে ইংলিচ চেনেল সাঁতুৰি অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই । এলভিছ আলী হাজৰিকাৰ এই সফলতাত আনন্দিত অসমবাসী । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন জ্ঞাপন ।

Elvis Ali Hazarika creates history
ইংলিচ চেনেল সাঁতুৰি ইতিহাস সৃষ্টি এলভিছ আলী হাজৰিকাৰ
author img

By

Published : Jul 20, 2023, 10:02 AM IST

গুৱাহাটী, ২০ জুলাই : পুনৰ ইতিহাস ৰচিলে অসমৰ তথা গুৱাহাটীৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই । ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদগৰাকীয়ে ইংলিচ চেনেল সাঁতুৰি বিশ্বৰ বুকুত অসমৰ নাম উজলাবলৈ সক্ষম হ'ল । এলভিছ আলীৰ এই সফলতাত আনন্দিত অসম তথা ভাৰতবাসী । সাঁতোৰবিদ এলভিছক প্ৰশংসা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

উল্লেখ্য যে অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ১৯ জুলাইত নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । ৩১ ঘণ্টাত তেওঁ ৭৮ কিলোমিটাৰ সাঁতুৰি এই কৃতিত্ব অৰ্জন কৰে । সাঁতোৰবিদজনৰ এই সফলতাই আনন্দিত কৰি তুলিছে প্ৰতিগৰাকী অসমীয়াক । টুইটাৰত অসমৰ মুখ্য ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফটো শ্বেয়াৰ কৰি বিশেষ অভিনন্দন জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে তেওঁৰ এই বিজয় অসমৰ বাবে গৌৰৱৰ বিষয় । তেওঁ এই সফলতা অসমৰ সকলোৰে অনুপ্ৰেৰণা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে কেইবাটাও দুঃসাহসিক অভিযানেৰে তেওঁ অসমক গৌৰৱান্বিত কৰি থৈছে । তাৰ ভিতৰত ২০২১ চনত ধৰ্মতৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ সফলতাৰে সাঁতুৰি প্ৰথম গৰাকী অসমীয়া হিচাপে হাজাৰিকাই আন এক অভিলেখ গঢ়ি থৈছে ।

লগতে, ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালিনা চেনেল অতিক্ৰম কৰা হাজৰিকা অসমৰ ভিতৰত প্ৰথমগৰাকী ব্যক্তি । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তেওঁ চেনেলটোৰ মাজেৰে সাঁতুৰি ১০ ঘণ্টা ৫৯ মিনিটৰ ব্যৱধানত ৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মেক্সিকো পাইছিল ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এলভিছ আলী হাজিৰকাক তেওঁ এই সফলতাৰ বাবে অভিনন্দন জনাইছে । এলভিছ আলী হাজৰিকাই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই সফলতাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে । তেওঁ উল্লেখ কৰা মতে এই বহু প্ৰত্যাহ্বানেৰে ভৰা আছিল । বিশেষকৈ সাগৰীয়া জেলিফিছ, ডলফিন, চীল আদিৰ লগতে লুণীয়া পানীৰ অভিজ্ঞতা যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল ।

লগতে পঢ়ক :International Wrestler Yogeshwar Dutt : এছিয়ান গেমছলৈ বজৰং পুনিয়া আৰু বিনেশ ফোগাট; অসন্তুষ্ট যোগেশ্বৰ দত্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.