ETV Bharat / state

100 শতাংশ অসমীয়াক চাকৰি প্ৰদান; সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসম চুক্তিৰ 6 নং দফা প্ৰায় ৰূপায়ন কৰিলো: মুখ্যমন্ত্ৰী - Assam Accord

আজি শ্বহীদ দিৱস ৷ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় শ্বহীদ দিৱস ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ক’লে, ‘‘অসম চুক্তিৰ 6 নং দফাত উল্লেখ থকা প্ৰায়েবোৰ কথাই আমি ৰূপায়ন কৰিছো ৷’’

Swahid Divas Observed in Assam
সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসম চুক্তি প্ৰায়ে ৰূপনয়ন কৰিলো বুলি কলে মুখ্যমন্ত্ৰীয়ে
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 6:26 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসম চুক্তি প্ৰায়ে ৰূপায়ন কৰিলো বুলি কলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, 10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ শ্বহীদ বীৰ সন্তানসকলৰ ত্যাগক স্মৰণেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্বহীদ দিৱস ৷ দেওবাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় শ্বহীদ দিৱস ৷ ৰাজ্য চৰকাৰ উদ্যোগত বীৰ শ্বহীদসকলৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, সাংসদ কুইন ওজাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ আজিৰ অনুষ্ঠানতে শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱাৰ লগতে ‘অসম আন্দোলনৰ তথ্যকোষ’ শীর্ষক গ্ৰন্থখনৰ খণ্ডসমূহ ৰাজ্যৰ পুথিভঁৰালসমূহলৈ বিতৰণৰ কাম শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ৷

উক্ত অনুষ্ঠানৰ পাচতে সংবাদমাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ অসম চুক্তিৰ 6 নং দফাৰ প্ৰায় কাৰ্যকৰী কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ’ল ৷ আজি কালি অসমত 100 শতাংশ অসমীয়াই চাকৰি লাভ কৰে ৷ 99 শতাংশও নহয় ৷ মাটি-বাৰীৰ সুৰক্ষাৰ প্ৰদানৰ কাম হৈ গ’ল, আৰু দফাত আছে কি ? অসম চুক্তিৰ 6 নং দফাত উল্লেখ থকা প্ৰায়েবোৰ কথাই আমি ৰূপায়ন কৰিছো ৷’’

নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৌশলপূৰ্ণভাৱে কয়, ‘‘মই ব্যক্তিগতভাৱে 1951 চন হোৱাটো বিচাৰো ৷ কিন্তু সংসদে যদি 1971 কৰি থৈছে বা বিধানসভাই যদি 1971 কৰিছে তেতিয়া হ’লে মুখ্যমন্ত্ৰীয়েটো ‘51 বুলিটো ক’ব নোৱাৰিম ৷ চৰকাৰৰ যি স্থিতি সেয়া ন্যায়ালয়ত ক’ব লাগিব ৷ মোৰ ব্যক্তিগত কথা ক’লে নহ’ব ৷’’

আনহাতে জালিয়াতিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰসংগত তেওঁ কয়, ‘‘আমি বৃহৎ পৰিকল্পনা কৰিছো ৷ জালিয়াতিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা লোকক চিনাক্ত কৰি এন আৰ চিৰ পৰা তেওঁলোক বাদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এই সন্দৰ্ভত বিশেষজ্ঞৰ লগত কথা পতা আৰম্ভ কৰিছো ৷’’

এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীয়ে কোৱা ধৰনে যদি অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিটো কথা প্ৰায় কাৰ্যকৰী কৰা হৈছে, তেতিয়া হ’লে অসমৰ পৰা বৰ্তমানলৈকে কিমান জন বিদেশী বহিষ্কাৰ কৰা হ’ল ! ভাৰত-বাংলাদেশৰ উন্মুক্ত সীমান্তত কাটাতাঁৰৰ ব্যৱস্থা কৰা হ’ল নে ! আজিৰ দিনত সেয়া এক উদ্বেগজনক প্ৰশ্ন ৷

আনহাতে আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এটা পুৰণি বিষয় ৷ আমি পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান কৰিব পৰো বা শান্তিৰ আলোচনাৰ বাবে বিভিন্ন পদক্ষেপ চলি আছে ৷ কিন্তু পদক্ষেপসমূহ সোনকালে হৈ নুঠে ৷’’

লগতে পঢ়ক: APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.