ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু সুশান্ত বৰগোহাঁই - বিশ্বজিৎ দৈমাৰী

কংগ্ৰেছ দল আৰু বিধানসভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে থাওৰা সমষ্টিৰ সদ্য প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে (Sushanta Bargohain)৷ বাকী আছে কেৱল বিজেপিত যোগদানৰ আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ উঠিব দেওবাৰে বিয়লি ৷

ex thowra mla might join bjp on sunday
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু সুশান্ত বৰগোহাঁই
author img

By

Published : Aug 1, 2021, 2:11 PM IST

গুৱাহাটী, ১ আগষ্ট : দল সলনি কৰাৰ পূৰ্বে সাংবিধানিকভাৱে যিখিনি নীতি নিয়ম পালন কৰিব লাগে সেই সকলো খিনিয়েই ইতিমধ্যে সম্পূৰ্ণ কৰিছে সুশান্ত বৰগোহাঁয়ে (Sushanta Bargohain)। ইতিমধ্যে তেওঁ কংগ্ৰেছ দল আৰু বিধান সভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে । থাওৰা সমষ্টিৰ (Thaora Constituency) কংগ্ৰেছ শিবিৰৰ পৰাও তেওঁ ইতিমধ্যে বিদায় লৈছে । এতিয়া বাকী আছে কেৱল বিজেপিত যোগদানৰ আনুষ্ঠানিকতা ।

সেই আনুষ্ঠানিকতা খিনিও দেওবাৰে বিয়লি সম্পূৰ্ণ হৈ উঠিব । সদ্য প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে দেওবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ক প্ৰথমে সাক্ষাৎ কৰি তেওঁৰ পৰা আশীস গ্ৰহণ কৰাৰ পিছতে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত । এই যোগদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও উপস্থিত থাকিব ।

উল্লেখযোগ্য যে, বিধানসভাৰ অধ্যক্ষ (speaker of Assam Legislative Assembly) বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়ক গৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা আছিল ৷ অৱশ্যে, অধ্যক্ষ গৰাকী অসম-মিজোৰাম সীমান্ত(Assam Mizoram border) ভ্ৰমণত থকা হেতুকে হাতে হাতে পদত্যাগ পত্ৰ দাখিল কৰাটো সুশান্ত বৰগোঁহাইৰ বাবে সম্ভৱ হৈ নুঠিল । যাৰ দেওবাৰে কালি তেওঁ নিজৰ পদত্যাগ পত্ৰখন অধ্যক্ষলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.