ETV Bharat / state

জল্পনা কল্পনা শেষ: কংগ্ৰেছ এৰিলে সুশান্তই

অৱশেষত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা বিদায় ললে থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা উজনি অসমৰ প্ৰভাৱশালী যুৱ নেতা সুশান্ত বৰগোঁহায়ে । শুকুৰবাৰে মেইলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ ।

susanta borgohain resign assam pradesh congress
জল্পনা কল্পনা শেষঃ কংগ্ৰেছ এৰিলে সুশান্তই
author img

By

Published : Jul 30, 2021, 4:45 PM IST

গুৱাহাটী, ৩০ জুলাই: জল্পনা কল্পনা শেষ হ'ল । অৱশেষত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা বিদায় ল'লে থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা উজনি অসমৰ প্ৰভাৱশালী যুৱ নেতা সুশান্ত বৰগোঁহায়ে । শুকুৰবাৰে মেইল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ । শনিবাৰে সুশান্ত বৰগোহাঁয়ে বিধায়ক পদো ত্যাগ কৰিব । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত কাইলৈ পদত্যাগ পত্ৰ দাখিল কৰিব বৰ্তমানৰ কংগ্ৰেছ বিধায়ক গৰাকীয়ে ।

আনহাতে ১ আগষ্টত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াৰ কথা । নিঃসন্দেহে সুশান্তৰ কংগ্ৰেছ ত্যাগ কংগ্ৰেছ দলৰ বাবে পূৰাব নোৱৰা ক্ষতি । বিগত বিধানসভা নিৰ্বাচনত উজনি অসমত মাত্ৰ চাৰিখন আসনহে দখল কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে । ইয়াৰে দুগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰাত কংগ্ৰেছৰ দখলত থাকিল মাত্ৰ নাজিৰা আৰু তিতাবৰ সমষ্টি দুটাহে ।

ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক সুশান্ত বৰগোঁহাইলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী ।

নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সুশান্ত বৰগোঁহাইক ৩১ জুলাই পৰ্যন্ত সময়সীমা ধৰি দিছিল প্ৰদেশ কংগ্ৰেছে ৷ স্বাভাৱিকতে প্ৰদেশ কংগ্ৰেছৰ এনে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সুশান্ত বৰগোঁহাইয়ে দিব নে নিদিয়ে সেয়াহে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে । কিয়নো ১ বা ২ আগষ্টত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াটো ইতিমধ্যে নিশ্চিত ।

লগতে পঢ়ক:সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.