ETV Bharat / state

গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী - খেলো ইণ্ডিয়া

মঙলবাৰে গুৱাহাটীত উপস্থিত হ'ল চুপাৰষ্টাৰ সুনীল চেট্টী ৷ অৱশ্যে বলীউডৰ তাৰকা হিচাপে নহয় নেচনেল এন্টি ডপিং এজেঞ্চীৰ এম্বেচাদৰ হিচাপে গুৱাহাটীৰ খেলো ইণ্ডিয়াৰ বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰে চুপাৰষ্টাৰগৰাকীয়ে ৷

sunil shetty at khelo india
গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী
author img

By

Published : Jan 14, 2020, 7:33 PM IST

গুৱাহাটী,14 জানুৱাৰীঃ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় বলীউড তাৰকা সুনীল চেট্টী ৷ নেশ্যনেল এন্টি ডপিং এজেঞ্চীৰ এম্বেচাদৰ হিচাপে গুৱাহাটীৰ খেলো ইণ্ডিয়াৰ বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰে চুপাৰষ্টাৰ গৰাকীয়ে ৷ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে চুপাৰষ্টাৰগৰাকীয়ে। প্ৰথমে পল্টনবজাৰস্থিত ছাই খেলপথাৰত উপস্থিত হৈ খেলুৱৈসকলক উৎসাহ জগায় সুনীল চেট্টীয়ে।

গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী

সুনীল চেট্টীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু। ইয়াৰে পিছতে সৰুসজাইত অনুষ্ঠিত এক সজাগতামূলক অনুষ্ঠানত ভাগ লয় নাডাৰ এম্বেচাদৰ তথা বলীউডৰ চুপাৰষ্টাৰ সুনীল চেট্টীয়ে। এই অনুষ্ঠানত অংশ লৈ উঠি অহা প্ৰজন্মক শৰীৰ সুস্থ ৰখাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় অভিনেতাগৰাকীয়ে। সকলো নিচাজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ পৰা দূৰত্বত থাকিবলৈ আহ্বান জনায় সুনীল চেট্টীয়ে।

লগতে সাংবাদিকৰ সমুখত সুনীল চেট্টীয়ে খেলো ইণ্ডিয়াৰ আয়োজকসকলক ধন্যবাদ জনায়। উঠি অহা প্ৰজন্মৰ বাবে এই সমাৰোহে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে চুপাৰষ্টাৰগৰাকীয়ে। ইয়াৰোপৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে খেলো ইণ্ডিয়াৰ সকলো দিশ উন্নত মানৰ হোৱা বুলি উল্লেখ কৰে। অসমবাসীক খেলসমূহ উপভোগ কৰি উঠি অহা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃমুকলি হ'ল অসমৰ বিনোদন জগতৰ এক নতুন মঞ্চ "70mm "

Intro:গুৱাহাটীত বলীউদৰ চুপাৰষ্টাৰ সুনীল চেটী। মংগলবাৰে বলীউদৰ চুপাৰষ্টাৰ হিচাপে নহয়, নেচনেল এন্টি দপিং এজেঞ্চীৰ এম্বেচেদৰ হিচাপে এক মহান উদ্দেশ্য লৈ মহানগৰীলৈ আহিছে অভিনেতাগৰাকী। গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে চুপাৰষ্টাৰগৰাকীয়ে। প্ৰথমে পল্টনবজাৰস্থিত ছাই খেলপথাৰত উপস্থিত হৈ খেলুৱৈসকলক উৎসাহ জগাই সুনীল চেটীয়ে। সুনীল চেটীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু। ইয়াৰে পিছতে সৰুসজাইত অনুষ্ঠিত এক সজাগতামূলক অনুষ্ঠানত ভাগ লয় নাডাৰ এম্বেচেদৰ তথা বলীউদৰ চুপাৰষ্টাৰ সুনীল চেটীয়ে। এই অনুষ্ঠানত অংশ লৈ উঠি অহা প্ৰজন্মক শৰীৰ সুস্থ ৰখাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াই। সকলো নিচাজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ পৰা দুৰত্বত থাকিবলৈ আহ্বান জনাই সুনীল চেটীয়ে। ইফালে সাংবাদিকৰে মুখামুখি হৈ সুনীল চেনীয়ে খেলো ইণ্ডিয়াৰ আয়োজকসকলক ধন্যবাদ জনাই। উঠি অহা প্ৰজন্মৰ বাবে এই সমাৰোহে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে চুপাৰষ্টাৰগৰাকীয়ে। ইয়াৰোপৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে খেলো ইণ্ডিয়াৰ সকলো দিশ উন্নতমানৰ হোৱা বুলি উল্লেখ কৰে। অসমবাসীক খেলসমূহ উপভোগ কৰি উঠি অহা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে।

Body:Hirul haque

Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.