বাইহাটা,25 জুনঃ অৱশেষত অংগণবাড়ী কৰ্মী কিৰণ শালৈৰ আত্মহত্যাৰ আন এক তথ্য পোহৰলৈ আহিছে ৷ আত্মহত্যাৰ পূৰ্বে অংগণবাড়ী কৰ্মী কিৰণ শালৈয়ে লিখি গৈছিল এখন চুইচাইড নোট ৷ জানিব পৰা মতে,উদ্ধাৰ হোৱা চুইচাইড নোটখনত বহুকেইগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰি তেওঁলোকৰ দ্বাৰা মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাছি লোৱা বুলিও উল্লেখ কৰা হৈছে ৷ ইয়াৰ পিছতে চুইচাইড নোটখনত উল্লেখ কৰা ব্যক্তিকেইগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উচিত তদন্তৰ দাবী তুলি ৰঙিয়াৰ কমলপুৰ অংগণবাড়ী কৰ্মী-সন্থাৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হয় ৷
আনহাতে, চুইচাইড নোটত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত 6 জনকৈ ব্যাক্তিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃনলবাৰীত আলফা নেতা জিতেন দত্ত