ETV Bharat / state

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ উত্তাল প্ৰতিবাদ - Students protest at Handique Girls College in Guwahati

পাঠদান এৰি সন্দিকৈ কলেজৰ ছাত্ৰী বহিছে প্ৰতিবাদত ৷ কলেজ কৰ্তৃপক্ষই ছাত্ৰীৰ সুৰক্ষা নিশ্চিত নকৰাৰ অভিযোগ ৷ নিলম্বিত অধ্যাপকৰ পুনৰ নিযুক্তিক লৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ প্ৰতিবাদ (Students protest at Handique Girls’ College in Guwahati) ৷

students-protest-at-handique-girls-college-in-guwahati
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Apr 25, 2022, 7:13 PM IST

গুৱাহাটী, ২৫ এপ্ৰিল : পাঠদান এৰি এইবাৰ প্ৰতিবাদত বহিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ৷ মহাবিদ্যালয়খনৰ বিৰুদ্ধে ছাত্ৰীসকলৰ গুৰুতৰ অভিযোগ ৷ সেয়ে সোমবাৰৰ দিনটোত মহাবিদ্যালয়খনৰ মূল প্ৰৱেশ দ্বাৰা সন্মুখত একাংশ ছাত্ৰীয়ে হাতে হাতে প্লে’-কাৰ্ড লৈ প্ৰতিবাদত নামি পৰা পৰিলক্ষিত হয় (Students protest at Handique Girls’ College in Guwahati)৷

উল্লেখ্য যে, মহাবিদ্যালয়খনৰ বি.চি.এ বিভাগৰ সহকাৰী প্ৰৱক্তা মানস গগৈক পুনৰ চাকৰিত যোগদানৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই মাতি অনা অভিযোগত আজি শ্ৰেণী ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীসকলে । গুৰুত্বপূৰ্ণ বিষটো হ'ল যে, প্ৰায় ডেৰ বছৰ পূৰ্বে গগৈৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপিত হৈছিল (Handique college controversy)।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ভুক্তভোগী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত নিলম্বন কৰা প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে তদন্ত অব্যাহত থকাৰ পিছতো পুনৰ শ্ৰেণীত পাঠদান কৰিবলৈ কৰ্তৃপক্ষই মাতি অনাত ক্ষুণ্ণ হৈ পৰে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকল । সম্প্ৰতি কলেজ কৰ্তৃপক্ষই ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানস গগৈ নামৰ প্ৰৱক্তাগৰাকীক স্থায়ী নিলম্বন কৰাৰ দাবী উত্থাপন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে ৷

লগতে পঢ়ক : শক্তিশালী দেশ গঢ়ি তুলিবলৈ পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাম কৰিছে কেন্দ্ৰই: প্ৰতিমা ভৌমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.