ETV Bharat / state

মুকাভিনয়েৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস

'নিজেও বাচক আনকো বচাওক' ৷ কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিক বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত শীৰ্ষক এক সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ ৷ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা ৰাইজৰ মাজত মাস্ক বিতৰণ ৷

author img

By

Published : Sep 12, 2020, 5:39 PM IST

cotton university
cotton university

গুৱাহাটী, 12 ছেপ্টেম্বৰ : কৰ’ণা মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পাচতো ৰাজ্যত, বিশেষকৈ গুৱাহাটী মহানগৰীত এতিয়াও বহু সংখ্যক লোকে ন্যূন্যতম সাৱধানতাখিনি গ্ৰহণ কৰা নাই । এই সকল লোকক সজাগ কৰাৰ উদ্দেশ্যে শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিক বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত 'নিজেও বাচক আনকো বচাওক' শীৰ্ষক এক সজাগতা মূলক কাৰ্যসূচী হাতত লয় ৷

cotton university
কটনিয়ানৰ বিশেষ পদক্ষেপ

উক্ত কাৰ্যসূচীত মুকাভিনয় শিল্পী তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই মাস্ক বাধ্যতামূলক শীৰ্ষক অনুষ্ঠানেৰে মাস্কৰ প্ৰয়োজনীয়তা তথা COVID19 ৰ পৰা বাছি থাকিবলৈ ল'ব লগা আন ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ লগতে গুৱাহাটীৰ চানমাৰি, উজান বজাৰ, শিলপুখুৰী, গণেশগুৰি আদি বিভিন্ন স্থানত প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা মাস্ক বিতৰণ কৰা হয় ৷

মুকাভিনয়েৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যত 130823 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে 31369 লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷ আনহাতে, বৰ্তমানলৈকে ক’ভিড-19ৰ ফলত ৰাজ্যত মৃত্যুক আঁকোৱালি লৈছে 378 গৰাকী লোকে ৷

লগতে পঢ়ক : ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.