গুৱাহাটী,6 মে’ঃ প্ৰথম পৰ্যায়ৰ লক্ ডাউনৰ সময়চোৱাৰ পৰা মহানগৰীৰ মালিগাঁৱৰ ৰাজপথত কোলাত এটা কণমানি লৈ অনাই-বনাই ঘূৰি-ফুৰা দেখা যায় এগৰাকী মহিলাক । মহিলাগৰাকীৰ স্বামী জিতু দাসে ৰাজপথত পত্নীসহ কণমানি সন্তানক এৰি অন্তৰ্ধান হয় ।
ঘটনাৰ বিৱৰণী অনুসৰি, চলিত বৰ্ষৰ মাৰ্চৰ প্ৰথম ভাগত শিলচৰৰ সুমিতা দাস নামৰ মহিলাগৰাকীয়ে স্বামীক বিচাৰি আহিছিল গুৱাহাটীলৈ । গোৱালপাৰাৰ জিতু কৰ্মসূত্ৰে আছিল গুৱাহাটীৰ মালিগাঁৱত । কিন্তু বুধবাৰে পাৰিবাৰিক কন্দলৰ ফলত মহিলাগৰাকীক মালিগাঁৱত এনেদৰে এৰি পলায়ন কৰে স্বামীয়ে । অৱশেষত মহিলাগৰাকীক মালিগাঁৱৰ ৰাজপথৰ পৰা স্থানীয় সাংবাদিকসকলৰ সহযোগত উদ্ধাৰ কৰে জালুকবাৰী আৰক্ষীয়ে । সম্প্ৰতি মহিলাগৰাকী আৰু কণমানি শিশুটিক চাংগানেৰিয়া ধৰমশালাত ৰখাৰ ব্যৱস্থা কৰিছে মহানগৰ জিলা প্ৰশাসনে ।
লগতে চাওকঃ বহিঃৰাজ্যৰ পৰা অহা লোকক আদৰিবলৈ সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়