গুৱাহাটী,16 অক্টোবৰ: গঠন হ'ল অসম জাতীয় পৰিষদৰ ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ৷ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত যোগদান সভাত গঠন কৰা হয় দলটোৰ ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ৷ অনুষ্ঠানটোত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকন,ৰাজ্যিক আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীৰ লগতে দলটোৰ কেইবাগৰাকীও বিষয়ববীয়া ৷ অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই জনোৱা অনুসৰি,অসম জাতীয় পৰিষদে প্ৰথম অৱস্থাত প্ৰতিখন জিলাৰ পৰা 100 জন যুৱ আহ্বায়ক নিযুক্তি দিব ৷ প্ৰতিটো বুথত 10 জনকৈ আহ্বায়ক থাকিব ৷ প্ৰতিটো সমষ্টিত 100 জন আহ্বায়ক থাকিব ৷ 10 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ৰাজ্যত প্ৰায় 4 লাখ 51 হাজাৰ আহ্বায়ক নিযুক্তি দিব অসম জাতীয় পৰিষদে ৷ উল্লেখ্য যে,শুকুৰবাৰে গঠন হোৱা অসম জাতীয় পৰিষদৰ ৰাজ্যিক যুৱ আহ্বায়ক সমিতিৰ জাতীয় যুৱ শক্তিত মুঠ 11 গৰাকী মুখ্য আহ্বায়ক আৰু 75 গৰাকী ৰাজ্যিক আহ্বায়কক নিযুক্তি দিয়া হৈছে ৷ তেওঁলোকৰ ভিতৰত আছে লাকীমণি বৰুৱা,ড৹ দুলেন বৰা,আমিৰ হুছেইন,ডাঃ লক্ষ্যজ্যোতি বৰা,দীপাংকৰ দলে,চন্দ্ৰপল বৰুৱা, দীপাংকৰ সোণোৱাল,বিতুল চুতীয়া,কুশল কুজুৰ নিভা দত্ত,নোমল বৰা ৷
যোগদান অনুষ্ঠানটোত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ মন্তব্য-“অসমৰ যুৱ প্ৰজন্মই যাতে কোনো কাৰণতে দুশ্চিন্তাত ভুগিব নালাগে, কোনো এজন যুৱক বা যুৱতীয়ে যাতে কৰ্মসংস্থাপনৰ বাবে দুশ্চিন্তাত ভুগিব নালাগে,ভৱিষ্যতক লৈ যাতে কোনেও অনিশ্চয়তাত ভুগিব নালাগে তাৰ বাবে অসম জাতীয় পৰিষদে সুনিশ্চিত কৰ্মসূচী প্ৰস্তুত কৰি থকা হৈছে ৷ আজিৰ যুৱ প্ৰজন্মই দেশৰ সকলো৷ আমি যুৱসমাজকলৈ আগবাঢ়ি যাম” ৷ আনহাতে আনগৰাকী ৰাজ্যিক মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনৰ মন্তব্য-“দৰিদ্ৰতা নিৰ্মূলৰ কথা কোৱা এইখন চৰকাৰৰ দিনতেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকে এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে৷ বিজেপিয়ে নিবনুৱা সংস্থাপনৰ কথা কয়,আজিলৈকে কিমানজনে সংস্থাপন লাভ কৰিলে ৷ 2021ত বিজেপিয়ে 30 খন আসনো লাভ নকৰে ৷ অসম জাতীয় পৰিষদে নিয়োগৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব ৷ বিজেপিৰ কৰ্মসংস্থাপনহীন বিকাশ আমাক নালাগে ৷ আমাক কৰ্মসংস্থাপনৰ বিকাশ লাগে” ৷ আনহাতে ৰাজ্যৰ বন্ধ হোৱা ক্ষুদ্ৰ উদ্যোগ সমূহকলৈও মন্তব্য অদীপ ফুকনৰ-“আমি ক্ষুদ্ৰ চাহ,গ্ৰীণ টি, ক্ষুদ্ৰ উদ্যোগ আদিত অধিক গুৰুত্ব দিম৷ অসম জাতীয় পৰিষদে অসমৰ যুৱ প্ৰজন্মক সংস্থাপন দিবৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি আছে৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ৪৩ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গৈছে৷ অসম জাতীয় পৰিষদে সেই সকলোবোৰ পুনৰুজ্জীৱিত কৰিব ৷
লগতে পঢ়কঃ চন্দন ব্ৰহ্মই থানবান কৰি পেলাব বিপিএফ দলঃ প্ৰমোদ বড়ো